চম্পা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 15, 2021

চম্পা


  • ৰানা সন্দিকৈ, তিনিচুকীয়া ( অসম )
চম্পা তুমি ফুলিলে
মোৰ কোমল হিয়া উতলে
সূৰ্য কিৰণত ফট্ ফটিয়া তোৰ সুগন্ধি
চাই ৰওঁ তোমাক
নীৰৱে নীৰৱতা ভাঙি ।

চম্পা তোৰ পাহিবোৰ
দেখোন নিমাতে ফুলে গোপনে
পুৱাৰ নিয়ৰৰ টোপাল লাগি দেহাটি
উজ্জ্বলি উঠিছে ৰং
এটি প্ৰাণ খোলা হাঁহি ।

চম্পা বহু কথা
তোমাক ক'ব আছে কাহিনী
আমদানিকৃত তোক কৰে এলাগী
দুখ লাগে চম্পা
এনে বহু বেথাত ।

চেনেহৰ প্ৰীতি বিলাই
সুবাস ছটিয়াই অজস্ৰ ফুলত
তোক দেখোন একাষৰীয়া অনাদৰে
ঠেলি পঠালে দূৰলৈ
তথাপি তুমি আপোন ।

আন্ধাৰত থাকিলে তোমাক
শুৱনি নকৰে আহ কাষ চপাই লওঁ
বহুতৰ মাজত তই হ'বি মোৰ চকুত লগা ফুল
ময়েই থাপিম হৃদয়ত
এষাৰি দিম মাত ।

চম্পা তুমি ফুলিলে
মোৰ দুখবোৰ নোহোৱা হয়
ফুলনিৰ মাজে মাজে তোৰ গোন্ধ আমেজেই সুকীয়া
অন্ত নাই গোন্ধ
বৈয়ে থাক চৌপাশে ।

চম্পা তুমি সঁচাকৈয়ে
ধুনীয়া ফুলৰ মাজত এজোপি ৰাণী
নিজানে নিটালে ফুলি আছা সংগীত ঢালি
তুমি অভিমানী নোহোৱা
মোৰ হেঁপাহৰ চম্পা ।

No comments:

Post a Comment

SPONSORED