- বৈজয়ন্তী গগৈ বড়া
শৰতৰ বুকুত কেৱল
ঊণমনা প্ৰেমৰ নিচা ,
উদুলি মুদুলি
আহিনৰ প্ৰতিটোৰ নিশা !
পুৱতিৰ কঁপাহ কোমল হৃদয়ত
টোপ টোপ প্ৰেমৰ শব্দ,
শুকুলা মৰমৰ আলিঙ্গনত
ঢৌ খেলে নিয়ৰৰ
আলফুলীয়া মুকুতা !
শাৰদীয় সেমেকা হৃদয়খন
চুই চোৱা হেনো
তেওঁ, ব্যাকুল হেঁপাহ ,
হিম চেঁচা এটি এটি নতুন চিনাকী
পথে পথেই,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,
তেওঁ বাবে হয় উজাগৰিৰ
শেষ নিশা !
কিন্তু!
আজি আহিনৰ বুকুত
খৰাঙে ভৰা ,
হৃদয় দুফাল কৰা উষ্ম উত্তাপ !
পুৱতিৰ ফেঁহুজালি ফালি
ওলাই আহে ,
সূৰুযৰ জকমকীয়া পোহৰ !
নিয়ৰৰ টোপাল নথকা
এডৰা সেউজীয়া ঘাহনিত
প্ৰতিধ্বনিত ,
গাওঁ:- নৱজ্যোতি (ডিগবৈ )
ডাকঘৰ:- পাৱৈ।
জিলা:- তিনিচুকীয়া, পিং নং:- ৭৮৬১৭১
No comments:
Post a Comment