- ছাইফুল ইছলাম, চেংলিমাৰী, বজালী
মই এই পৃথিবীত আৰু নাহোঁ
মই এবাৰ আহিছিলো
মই সকলো বুজি পালো
মই সকলো চিনি পালো
মই নজনা , নিচিনা, নেদেখা
সকলো বস্তু দেখিলো বুজিলো
মই আৰু কেতিয়াও নাহোঁ।।।।
মই জানো কোনেওঁ নাহে
কথাষাৰ বহুত যন্ত্ৰনাৰে কলোঁ
শান্তিৰ পৃথিবীখন শেষ হৈছেঁ
মানুহে মানুহক চিনি নপোৱা হৈছে
সকলোয়ে ধৰ্মকলৈ টনা আজোৰা কৰিছে ।।
সকলোয়ে হিংসা মনোভাৱ লৈ চলিছে ।।
ভাতৃত্ববোধ শেষ হবলৈ ধৰিছে ।।
মোৰ এইবোৰ দেখি ভাল নলগা হৈছে।।।
আমি মানুহ হব নোৱাৰিলোঁ
মই আৰু উভতি নাহোঁ।
মই বুজালেও বুজি নাপায়
মই চিঞৰি কলেও শুনা নাপায়
কোনেও নিজৰ কৰ্ম চিনি নাপায়
সকলো নিজৰ ধৰ্ম চিনি পায়
মই কত মানুহ দেখা পোৱা নাই
ধৰ্মৰ যুদ্ধত সকলো মাতাল
কত মানুহ যে অনাহাৰে থাকি প্ৰান যায়
মই যে একোৱে কৰিব নোৱাৰু।।
মই নাহোঁ মই আৰু নাহোঁ।
শেষ হব পৃথিবী কপিছে পৃথিবী
নাই নাই কোনো গেৰান্টি নাই
আৰম্ব হৈছে চাৰিওফালে মৃত্যুৰ কিৰিলি
ঠিক নাই কেতিয়াবা এৰিম এই মায়াৰ পৃথিৱী
ভাবিছো সিপাৰে গৈ তামিঘৰ সাজিম বুলি ।।
অপেক্ষা নকৰো , মই ঘুচি গলে
মই নাহোঁ মই কেতিও নাহোঁ
No comments:
Post a Comment