- ৰাশ্বেল চৌধুৰী, দক্ষিণ শালমাৰা
শাব্দিক ভোজত মই পিন্ধিব পৰা নাই শ্বেলীৰ শুক্ল সাজ
নিৰ্মলেন্দুৰ দৰে ফুটপাথত পাৰ কৰা নাই যৌবন
হিকমতৰ দৰে মইতো যাব পৰানাই জেল লৈ
ভাঙিব পৰা নাই চিয়াহীৰে তুৰ্কীৰ সিংহাসন
'জেলখানাৰ চিঠি' পঢ়িছেনে ? পঢ়িব
বতাহত গোন্ধ পাব কবিতাৰ
ৰ'দৰ চিঠিত পঢ়িবলৈ পাব দেশৰ সংবাদ ।
ভাৰাভাৰা ৰাওৰ পৰা কেতিয়াবা কলমটো বিচাৰিছিল নে
আফ্ৰিকাৰ ক'লা মানুহৰ পৰা চিয়াহী ?
আপোনালোকলৈ প্ৰণাম মোক কবি বুলি নক'ব !
কবিৰ গাড়ী লৈ গৈ জনতাক মই কি ক'ম
পেটৰ চিন্তাত চিপজৰী লোৱাসকলক কি জবাব দিম
পুষ্টিহীনতাত ভুগি মৃত্যুৰ সপোন দেখা শিশুবোৰক
কোন বাৰাণ্ডাৰ সান্তনা দিম
পথভ্ৰষ্ট নাৰী আৰু জোৱানবোৰ কি ক'ম
যিসকলে মোক চকু দিছিল
ক'ম নেকি মই সিহঁতক
তোমালোকে আঙুলিবোৰ গৰম বালিত ডুবাই ৰাখা
বন্দুকৰ নলৰ দৰে হলে নিজৰ পেটত সোমাই দি
মৰি থাকিবা ।
কবি হৈ মই কি ক'ম
ফুটপাথবোৰক, পথাৰবোৰক
মকৰাই কণী দিয়া,নিগনিয়ে বাহ সজা কাৰখানাবোৰক?
কবি হৈ মই কি ক'ম
মূৰত কাশ্মীৰৰ বৰফ নমা গ্ৰেজুয়েটবোৰক
আন্ধাৰত নিৰুদ্দেশ হোৱা প্ৰেমিকবোৰক
কবি হৈ মই কি জবাব দিম গান্ধীক ?
আপোনালোকলৈ প্ৰণাম মোক কবি বুলি নক'ব ।
মই মানুহৰ মাজত থিয় হ'বলৈ ভয় খাওঁ
সিহঁতৰ বুকুৰ ধপ্ ধপনি শুনিবলৈ মই লাজ পাওঁ
মোক কবি বুলি নকব মই জেললৈ ভয় খাওঁ
মোক কবি বুলি নকব মই মন্ত্ৰী আৰু নেতালৈ ভয় খাওঁ
মোক কবি বুলি নকব সম্পাদক আৰু প্ৰকাশকলৈ
মই ভয় খাওঁ ।
পাঠক কমি যোৱাৰ বাবে মোৰ ভয় লাগে
কবিতা প্ৰকাশ নোহোৱাৰ বাবে মোৰ শংকা জাগে
বঁটা নোপোৱাৰ বাবে মোৰ টোপনি সৰে
মোক কবি বুলি নকব
মই এৰিব নোৱাৰিম চৰকাৰৰ বন্দনা
মই এৰিব নোৱাৰিম ইমানবোৰ ছলনা ।
আপোনালোকলৈ প্ৰণাম মোক কবি বুলি নক'ব
মই কবি হৈ আহি কি ক'ম মানুহক ?
মইতো ক'ব নোৱাৰিম
মই হিকমতক বেয়া পাওঁ ,হিটলাৰক ভাল পাওঁ
মোক কবি বুলি কৈ দিলে
এতিয়া মোৰ দেশৰ জনতাক মই কি কওঁ
এতিয়া মোৰ দেশৰ মানুহক মই কি জবাব দিওঁ !
No comments:
Post a Comment