- জাহিদুল ইছলাম
মোৰ ভৰি দুখন চুই যোৱাৰ পিছৰে পৰাই মই বঞ্চিত|
তোমাৰ মিছা প্ৰতিশ্ৰুতিত
মোৰ আশা, আকাংক্ষাৰ
অপমৃত্যু হয় বাৰে বাৰে..
তুমি ভালপোৱা মোৰ
ইভিএমৰ বুটাম টিপা আঙুলিটো।
এটা মূহুৰ্তৰ বাবে মই হৈ পৰো
তোমাৰ আত্মীয়,
মোৰ শৰীৰৰ ভেকেটা ঘামৰ গোন্ধ
তোমাৰ বৰ প্ৰিয় হৈ পৰে..
নাঙল আৰু কাঁচিৰ কোবত
থেতেলা পৰা মোৰ ভৰিদুখন
তুমি ভালপোৱা,
মই হৈ পৰো অন্নদাতা
দেশৰ ধ্বজা আৰু
তোমাৰ পিতৃ-মাতৃ
মই সপোন ৰচো তেতিয়া
এক নতুন পৃথিৱীৰ
পৰিৱৰ্তনৰ, সমন্বয়ৰ, উন্নয়নৰ।
মোৰ জঠৰ লগা হাতৰ আঙুলিটোৰ ছাপত তোমাৰ জীৱন গঢ়ে যেতিয়া
তুমি হৈ পৰা পৰ
অচিনাকী, হিংস্ৰ বাঘ
বৃদ্ধি হয় তোমাৰ হজম শক্তি
তুমি হজম কৰা লোহ, ষ্টীল, কংক্ৰিট আদি
তোমাৰ পেটত সোমায় বৃহত অট্টালিকা
পকী ৰাস্তা, মেজৰ তলেদি অহা কলা বেগটো,
লাহে লাহে তুমি হৈ পৰা অন্ধ আৰু ক'লা
তোমাৰ গাৰ ছাল হয় গড়ৰ,
তুমি আৰু মোৰ দূৰত্ব হৈ পৰে
বহু যোজন বাট
অতিতবোৰ হৈ পৰে অতিত
মই হৈ পৰো তোমাৰ প্ৰতাৰণাৰ
অনন্য চিকাৰ..
বিপন্ন হয় মোৰ অধিকাৰ ।।
গাও+ডাক+থানা= কলগাছিয়া
জিলা- বৰপেটা (অসম), পিন- 781319
মোবাইল নংঃ 7002067410
No comments:
Post a Comment