- ছেলিমা বেগম, নগাঁও
শৰৎ হৈছে আনন্দৰ এখন নৈ, আশাৰ বতৰা
শৰৎতে কঢ়িয়াই আনে প্ৰকৃতিৰসৌন্দৰ্য্য
শৰৎ বুলি কলেই মোৰ মনলৈ আহে অবুজ শিহৰণ
স্নিগ্ধ শেৱালি ফুলৰ সুবাসে মন মতলীয়া কৰে
শেৱালি ফুলৰ বতৰে মন মোৰ দিশহাৰা।।
দুৱৰিত বিচাৰি পাওঁ মই নিয়ৰৰ মুকুতা
দুৱৰি বনৰ নিয়ৰৰ দলিচা গচকি শৰতৰ আগমন পাওঁ
বিলীন হৈ পৰো সেই অপূৰ্ব সৌন্দৰ্যৰে মাজত
শাৰদীয় জোনাকৰ স্নিগ্ধ পোহৰত হৃদয় মোহিত হয়
দেহৰ ৰন্ধে ৰন্ধে শিৰাই শিৰাই বৈ য়ায় শেৱালিৰ সুবাস
শৰত য়েন প্ৰতিশ্ৰুতিৰ ঋতু, শেৱালিক বাদ দিব নোৱাৰি।।
নিৰ্মল আকাশৰ তলত শুকুলা মেঘৰ মাজত
উলাহত শেৱালিৰ সুবাস, কঁহুৱাৰ নৈসৰ্গিক দৃশ্য
শৰতৰ কঁহুৱা, শেৱালি বিহীন কবিৰ কবিতা নহয়
শৰতত নৈৰ পাৰত কঁহুৱাই কথা কয়
কবিৰ মনবোৰ উৰি ফুৰে কল্পনাৰ ৰাজ্যত
শৰতৰ নিশাবোৰ যেন অতি বিতোপন।।
No comments:
Post a Comment