জীয়াই থাকিবলৈ দিয়া - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, October 15, 2021

জীয়াই থাকিবলৈ দিয়া


  • সীতা দেৱী, বিহপুৰীয়া( লখিমপুৰ)
জীয়াই থাকিবলৈ দিয়া,
মোক মাৰি নেপেলাবা মা।
এই সুন্দৰ পৃথিৱীখন,
মইও চাব বিচাৰোঁ মা।
মোৰ কি দোষ??
মোৰ জন্ম হ'বলৈ দিয়া মা।
যৌৱনৰ মধুৰ আহ্বানত
তুমিও দেউতাক সঙ্গ দিছিলাঁ।
তুমিতো ধৰ্ষিতা নহয় মা,
মোৰ ভ্ৰুণ তৈয়াৰ কৰাত,
তুমিওতো সমভাগী হৈছিলা । 
তেন্তে আজি কিয়
এনে অন্যায় মোৰ প্ৰতি?
তুমি সমাজৰ কথা নক'বা ,
নক'বা লোক লজ্জাৰ কথা,
নক'বা প্ৰতিষ্ঠাৰ কথা।
মোক অংকুৰিত কৰাৰ সময়ত,
তোমাৰ বিবেক ক'ত আছিল?
প্ৰেমৰ ৰাগিত মতলীয়া হৈ
থকাৰ সময়ত,
তোমাৰ প্ৰতিষ্ঠাৰ কথা
কিয় ভবা নাছিলা?
আজি মোক মাৰি পেলোৱা
কথা ভাবি,
তোমাৰ অন্তৰাত্মা,
এবাৰো কিয় কঁপি নুঠিল?
এনে অন্যায় নকৰিবা মা,
মোক মাৰি নেপেলাবা,
জীয়াই থাকিবলৈ দিয়া মা,
জীয়াই থাকিবলৈ দিয়া।।

No comments:

Post a Comment

SPONSORED