- দিলদাৰ হুছেইন, কলিয়াবৰ, নগাঁও
ময়ো হাঁহিব ফুৰ্তি কৰিব বিচাৰো
কিয় সমাজৰ কুপ্ৰথাত মোক বান্ধি ৰাখিছে
এয়াই শিক্ষিত সমাজৰ পৰিৱৰ্তন নেকি?
ময়ো মানুহ মোৰো হৃদয় আছে
মোৰো মন যায় ৰঙীন কাপোৰ পিন্ধিব
বগা বৰণত মোৰ কষ্ট হয়,কুলক্ষণী নহয় মই
কিয় মোক বঞ্চিত কৰিছে মোৰ অধিকাৰ পৰা।
দেখা পাওঁ মানুহ মৰিলেহে বগা বৰণ দি সজায়!
এই সমাজে মোক জীয়া অৱস্থাতেই মাৰি পেলালে!
কিয় এনে নিয়ম সৃষ্টিকর্তাইতো এনে নিয়ম দিয়া নাই!
পুৰুষ মহিলা দুয়োকে সম অধিকাৰ তেন্তে কিয় একপক্ষ ?
বাঃ কি সমাজ মানৱ ৰূপ দানৱৰ
পুৰুষে স্ত্ৰীৰ মৃত্যুৰ পিছত বিয়া পাতিলে পুৰুষত্ব
নাৰীয়ে পতি মৰাৰ পিছত বিয়া পাতিলে চৰিত্ৰহীন
হাঁহি উঠে আজিৰ শিক্ষিত সমাজলৈ।
নাৰী নহ'লে পুৰুষ নহয় যদি
পুৰুষ নহ'লে নাৰী নহয় যদি
তেন্তে ভিন্ন নিয়ম কিয় উত্তৰ আছেনে শিক্ষিত সমাজ!
এবাৰ চিন্তা কৰক মই বিধৱা বুলি কি মোৰ অন্তৰ নাই।
আলফুলা বয়সত মই বিধৱা
এয়া কি মোৰ দোষ নেকি?
কিয় মই নোৱাৰো নতুনকৈ সপোন ৰচিব!
পুৰুষে কিয় পাৰে উত্তৰ লাগে।
পুৰুষ জাতি কি বেলেগ তেজ মঙহৰে গঠিত নেকি?
যি তেজ মঙহ নাৰীৰ শৰীৰত নাই!
যদি একে কিয় নিয়ম বেলেগ উত্তৰ দিয়ক
নহ'লে আমাৰ সপোন দেখাত বাধা দিবলৈ নাহিব।
আমাৰ অধিকাৰ খৰ্ব কৰিবলৈ নাহিব
মোৰো মনে কান্দে সোণালী সংসাৰ কৰিব
ৰঙীন কাপোৰেৰে সজাব মোৰো মন যায়
মাথোঁ শিক্ষিত সমাজ দৃষ্টি তন-মন সলনি কৰক।
No comments:
Post a Comment