- নুৰ আলম শইকীয়া
তৰু-লতাবোৰ শুকাব!
ঘাঁহবোৰ মৰিব,
দৃশ্যহীন হ'ব দূৱৰী।
এক বিষাক্ত নিশ্বাসে
ছানি পেলাব পথাৰ,
মৰা মাছৰ পুখুৰীত ঢৌ আৰু
পশুধন সেউজীয়াহীনতাত হ'ব অধঃপতন।
আজি পৃথিৱীৰ বুকু নিৰস!
শইচৰ পথাৰ ছন শীঘ্ৰেই
মৃত্যুমুখত পৰিব সমূহ কৃষকৰ মন।
এতিয়া সকলো
ঋতুই কাল হ'ব,
ক'লা বেলিয়ে হাত বাউলি
মাতিব মানুহক,
হৃদয়বোৰ যন্ত্ৰ হ'ব,
বৰ্ণ আৰু ভাষাৰ দূৰ্গন্ধ বতাহ বব,
অন্ধ হ'ব চকু আৰু মগজ,
উৎপত্তি হ'ব কালৰ অনন্ত
অসীম সৰ্বনাশী সংগ্ৰাম।
সততাহীন প্ৰস্তুতিত কয়লা হৈ জ্বলিব
আকাশ আৰু বায়ু।
সুযোগ পাই নীলাবোৰে পিন্ধি ল'ব
হালধীয়াৰ নষ্ট পোছাক
সেউজীয়াক উপলুঙা কৰি,
কিন্তু এই মানুহবোৰক দিয়া নহ'ব
তাৰ উমান তথা কোনো সম্ভেদ,
জানিবলৈ দিয়া নহ'ব
অজাত শত্ৰুবোৰৰ ক'লা উদ্দেশ্য।
কিয়নো মানুহবোৰ যে আজি
মানুহ হৈ থকা নাই!
ঠিকনাঃ
গাওঁ+ডাকঃ বালিকুছি
জিলাঃ নলবাৰী, পিনঃ ৭৮১১২৬
No comments:
Post a Comment