অমৰ শ্বহীদ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 15, 2021

অমৰ শ্বহীদ


  • নুৰ হুছেইন,(বিশ্বনাথ)
দেখা নাই মই ষাটি দশকৰ
ভাষা আন্দোলন
কটনৰ বাকৰিত গুলিবিদ্ধ
অসমীৰ সন্তান।
চিৰ চেনেহী মোৰ ভাষা জননীৰ ৰাখিবলৈ মান
বৰপূজাৰীয়ে আইৰ বাবেই কৰিলে জীবন দান।

দেখা নাই মই সত্তৰ দশকৰ
মাধ্যম আন্দোলন
অনুভৱত আকিছোঁ ছবি
শ্বহীদৰ বলিদান
অনিল-মোজাম্মিল, ওমৰ-জাহিৰক
কৰিছোঁ প্ৰণাম।
বজ্ৰকন্ঠে জাতিৰ হকে
কৰিলে মহীয়ান।

দেখা নাই মই ৮৩ ৰ
জুইয়ে পোৰা অসম
শত সহস্ৰ শ্বহীদক
কৰিছোঁ প্ৰণাম
বিদেশী মুক্ত অসম গঢ়া
আছিল জয়গান।
গহপুৰ - নেলী,চাউলখোৱা নাছিল কাৰো কাম্য
সোণৰ অসম গঢ়ো আহা প্ৰতিষ্ঠাৰে সাম্য।

চেতনাত মোৰ অমৰ শ্বহীদ
হৃদয়ত বান্ধিছে ঘৰ
সংগ্ৰামেই যাৰ জীবন আছিল
সংগ্ৰামেই সংসাৰ।
আইৰ বাবে দহৰ বাবে আহুতি জীবন যাৰ,
প্ৰণামিছোঁ শ্বহীদ তোমাক শতকোটি বাৰ।

No comments:

Post a Comment

SPONSORED