- এন হক (জান)
হঠাৎ জৰী চিঙি তহিলং কৰিলে সমন্বয়
ঘোঁৰা আৰু গাধৰ সহবাসত ভূমিষ্ঠ হোৱা
খচ্ছৰৰ দৰেই
ক্ষমতা আৰু বিলাসিতাৰ ৰাসায়নিক মিলনত
জন্ম ল'লে এজাত নতুন গৰু ।
এইজাত গৰু
পোহ নমনা উত্তাল ফনীৰ দৰেই তচনচ কৰে গণতন্ত্ৰ
ককাইৰ দিনত বান্ধি দিয়া জেউৰাখন ভাঙি
খাঁজ কটা চিৰিখন বগাই বগাই দিছপুৰ পালে গৰু
বিধানসভাৰ মজিয়াত ৰজনজনাই উঠা
গৰুৰ বিষয় ৰচনা শুনি শুনি
দিশহাৰা গৃহস্থৰ মূৰে কঁপালত হাত ।
ঘাঁহ আৰু দানা খোৱা গৰুবোৰৰ
এতিয়া বাদামী সুৰা প্ৰিয়
মেট্ৰিকৰ বহী খোৱা গৰুবোৰ
এতিয়া ছাত্ৰৰ ভৱিষ্যত খায়
হালোৱা মালিকৰ কবৰত মূত্ৰত্যাগ কৰি
প্ৰজন্মৰ বিবেকবোৰ চোবাই খায় ।
লোভৰ লেলাৱতিত পৰম্পৰাৰ দেৱাল ভাঙি
চেউৰী দমৰাবোৰ হিন্দু হ'ল বাবেই
চৈধ্যবছৰীয়া গৰুবোৰ আকৌ মুছলিম হ'ল
গৰু বোৰ প্ৰাপ্তিৰ নিচাত মত্ত্ব থাকোঁতে
ঔষধ দুষ্প্ৰাপ্য কৰি
মদবোৰ সুলভ হ'ল ।
মাজনিশা গৰুবোৰ হেম্বলিয়ায়
মৌ-সনা চতুৰালিত গৰাকী ভিক্ষুক হৈ
গৰুৰ অৰ্চনাৰে ভাগ্য সলনিৰ হাবিয়াস কৰে
এইবোৰ নিম্ন জাতৰ গৰু ।
No comments:
Post a Comment