- ৱাহিদা ৰহমান (মমি)
যাৰ বুকুৰ ওপৰত কুঁৱলিৰ আচ্ছাদনৰ দৰে পাতল অথচ
মলিয়ন আৱৰণ এডোখৰ পাৰি শুই আছিল দেৱীৰ সন্তান।
সন্ধিয়া আন্ধাৰ-পোহৰৰ মায়াজালত বাৰুকৈয়ে উজ্বলিছিল ;
টোপনিৰ আৱেশেৰে সিক্ত হৈ থকা তাৰ সৰগীয় দীপ্তিমান মুখখনি ,
যাৰ সৌন্দৰ্যত বিভোৰ মই পোৱা নাছিলোঁ অলপো আমনি ৷
মন গৈছিল
সেই নিস্পাপ দেৱশিশুটিক গৰমত উত্তপ্ত হৈ থকা
ৰাজআলিৰ বুকুৰপৰা উঠাই আনি যেন শুৱাই থম সুকোমল বিচনাত ৷
কিন্তু ! তাৰ কাষতেই যে বহি আছিল জীৱন্ত দেৱী জননী ..
বতাহত উৰুৱাই দুটিমান বেলুন গ্ৰাহকৰ অপেক্ষাত..
শত-সহস্ৰ পূজাৰ আনন্দত মতলীয়া মানুহ কাষেদিয়েই আহিছে গৈছে ...
তাৰ কোনো ভ্ৰূক্ষেপ নাই ,
সি যেন ডুব গৈ আছে এক সৰগীয় সুখ নিদ্ৰাত ৷
আন্ধাৰৰ ছাঁয়াত তিৰবিৰাই উঠা
সেই জীৱন্ত দেৱী, জননীগৰাকীক মোৰ মা’ৰ দৰে লাগিছিল
যি সন্তানটো কাষত লৈ মানুহৰপৰা ভিক্ষা বিচৰাৰ পৰিৱৰ্তে
উজ্বলি উঠিব খুজিছিল স্বকীয় স্বভিমানেৰে ৷
ঠিক নিজ পুত্ৰকো যেন অনাগত দিনৰ বাবে গঢ় দিছিল ;
জীৱন যুঁজৰ বাবে প্ৰয়োজনীয় দুখ-কষ্টৰ শিক্ষাৰে।
মন আছিল , কণমানিটোক গৈ হাতৰ মুঠিত কিবা এটি যাচিবলৈ
কিন্তু যিগৰাকী জননীয়ে তাক শিকাইছে কষ্টৰ বিনিময়ত জীৱন গঢ়িবলৈ
তেওঁ জানো বিনাদ্বিধাই গ্ৰহণ কৰিবলৈ দিব মোৰ সহানুভূতি ..
হয়তো মই নিৰাশ মুখেৰে আহিব লাগিব উভতি !
সেয়ে দূৰৈৰপৰাই চাই থাকি , নগ’লোঁ দেৱীগৰাকীৰ কাষ চাপি
মাথোঁ আনৰ অলক্ষিতে জীৱন্ত দেৱীক সেৱা এটি কৰি
আৰু সেই দেৱী সন্তানক হৃদয়ৰপৰা অকৃত্ৰিম মৰম যাচি
উভতি আহিলোঁ মই নিজ বাটেদি..
গাঁও : জয়সাগৰ ৰূপহী পথাৰ
পোষ্টঅফিচ: ৰূদ্ৰসাগৰ, জিলা: শিৱসাগৰ(অসম)
পিন : ৭৮৫৬৬৫
No comments:
Post a Comment