সাগৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 15, 2021

সাগৰ


  • ময়েজ উদ্দিন আহমেদ
পাহাৰৰ শিখৰত উঠি হাত বাউল দি মাতিম
তুমিও উজান দিবা ঢৌ তুলি
মনত পুলকতাৰ হিল্লোল
আনন্দত আত্মহাৰা |

তুমি সাগৰ, সপ্নব্যাখ্যাৰ প্ৰতীক
মই দিনটো তোমাৰ কাষত বহিম
কেতিয়াবা নামিম মাঁছ হৈ
তোমাৰ বুকুৰ গভীৰতা জুখিম |

সমুদ্ৰপৃষ্ঠত মোৰ প্ৰেমৰ খুটি পুতিম
তোমাৰ প্ৰেমসমুদ্ৰৰ #জেমছ_কুক হ'ম
বতাহ হৈ তোমাৰ বুকুত প্ৰবাহিত হৈ
সৃষ্টি কৰিম তৰংগ |

নদী হৈ বিলিন হম তোমাৰ বুকুত
মিলিম লৱণাক্ততা হৈ তোমাৰ সতে
মোৰ বুকুত তুলিলা তুমি
ভূসাংগঠনিক পাতৰ সৃষ্ট ছুনামি |

উত্তৰ জালুকবাৰী গুৱাহাটী

No comments:

Post a Comment

SPONSORED