- আব্দুৰ ৰহিম আহমেদ
অত্যাচাৰবোৰো গৈছে সীমা চেৰাই...।
হিংসা, লোভ, ক্ষমতাই
মানুহৰ মাজত পাইছে ঠাই,
ক্ষমা, ত্যাগ, দয়াক
মানুহে যেন দিছে বিদাই ।
কেনে মানুহ সেইবোৰ,
মানুহক জুলুমেৰে আনন্দ পাই...!
মানুহৰ মাজতে অসহায় মানুহ,
সাগৰত কিন্তু জাহাজ ডুবা নাই !
ভাল মানুহৰেই একতা নাই
অজ্ঞজনেই সেয়ে গৰিষ্ঠতা পাই,
ক্ষমতাৰ বলেৰে যি ইচ্ছা তাকে কৰে,
ভাৱে সি তাৰ সমান কোনোই নাই....
অথাই সাগৰত ককবকায় দৰিদ্র জনতাই ,
ক্ষমতাৰে কোবায় আকৌ দেশৰে ৰজাই,
এইবোৰো মানুহ, সেইবোৰো মানুহ,
একেই বাসিন্দা হৈও জীয়াই থকাৰ লৰাই...
পাহাৰ পুৰ কাতুলি, বৰপেটা,
No comments:
Post a Comment