আজি বিশেষ মেট্রিকৰ ফলাফল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 17, 2021

আজি বিশেষ মেট্রিকৰ ফলাফল

আজি ঘোষণা কৰা হ’ব বিশেষ মেট্রিক পৰীক্ষাৰ ফলাফল৷ ছেবাৰ ৱেবছাইটৰ জৰিয়তে দিনৰ ১১ বজাত ঘোষণা কৰা হ’ব এই ফলাফল৷ ৱেবছাইটৰ জৰিয়তে ফলাফল লাভ কৰাৰ লগতে ডিজিটেল পদ্ধতিত মার্কশ্বীটসমূহো লাভ কৰিছে৷ এক জাননীৰ জৰিয়তে এই কথা সদৰী কৰিছে ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে৷


উল্লেখ্য যে ক’ভিডৰ বাবে মেট্রিক পৰীক্ষা বাতিল কৰি বিকল্প মূল্যায়নেৰে ঘোষণা কৰা হৈছিল ফলাফল৷ এই ফলাফলত অসন্তুষ্ট পৰীক্ষার্থীৰ বাবে বিশেষ মেট্রিক পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল৷ বিশেষকৈ মেট্রিক–হাইমাদ্রাছাৰ্ পৰীক্ষাত অৱতীর্ণ হোৱাৰ বাবে মুঠ ২২,৮৩৬জন প্রার্থীয়ে আবেদন কৰিছিল৷ কিন্তু ১৯,৩০৫জন শিক্ষার্থীহে পৰীক্ষাত অৱতীর্ণ হয়৷ মুঠ ৩০২টা কেন্দ্রত অনুষ্ঠিত হৈছিল পৰীক্ষা৷

No comments:

Post a Comment

SPONSORED