দক্ষিণ শালমাৰা-মানকাচৰত গাঁওবুঢ়া নিযুক্তিত কেলেংকাৰী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 15, 2021

দক্ষিণ শালমাৰা-মানকাচৰত গাঁওবুঢ়া নিযুক্তিত কেলেংকাৰী

  • নাম সাঙোৰ খাইছে তদানীন্তন জিলা উপায়ুক্ত আতিকা সুলতানাৰ নাম
  • জাঙুৰ খাই উঠিছে মানকাচৰ সমষ্টিৰ বঞ্চিত পুৰণি বেচৰকাৰী গাওঁবুঢ়া আৰু সমাজ সচেতন মহল

মানকাচৰ : দূৰ্নীতিপৰায়ণ চৰকাৰী বিষয়া, কৰ্মচাৰী, ৰাজনৈতিক নেতা পালি নেতা, দালালক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰি ৰাজ্যখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক নজিৰ সৃষ্টি কৰিছে। সমান্তৰাল ভাৱে দক্ষিণ শালমাৰা-মানকাচৰ জিলখনতো চৰকাৰৰ কঠোৰ নিৰ্দেশৰ ফলত আৰক্ষী, জিলা প্ৰশাসনে কেইবাগৰাকী দালালক আটক কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে।

তাৰে মাজতে এইবাৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ তদানীন্তন উপায়ুক্ত আতিকা সুলতানাৰ কলা অধ্যায় খোল খাইছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ তদানীন্তন অতিৰিক্ত উপায়ুক্ত ছইবৰ ৰহমানক মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰাৰ পিছত দক্ষিণ শালমাৰা মানকাচৰ জিলাত বিভিন্ন বিভাগত দীৰ্ঘদিন ধৰি চলি থকা দুৰ্নীতি, দালালৰাজৰ নতুন কলা অধ্যায় পোহৰ লৈ আহিছে।

২০১৮ চনত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ বিধান সভা সমষ্টিত ৭০ গৰাকী গাওঁবুঢ়াক বিভিন্ন ল'টত নিযুক্তি দিয়াৰ বাবে সেই সময়ৰ জিলা উপায়ুক্ত আতিকা সুলতানাই বাছনি প্ৰক্ৰিয়া সম্পন্ন কৰিছিল। কিন্তু লক্ষ্যনীয় যে, বাছনিকৃত ৭০ গৰাকী গাঁওবুঢ়া প্ৰাৰ্থী নিজৰ নিজৰ দলীয় নেতাৰ নেতৃত্বত প্ৰতি গৰাকী বাছনিকৃত প্ৰাৰ্থীৰ পৰা চাৰি লাখৰ পৰা দহ লাখ টকা কৈ উৎকোচ সংগ্ৰহ কৰি তদানীন্তন জিলা উপায়ুক্ত আতিকা সুলতানাৰ লগত বজাবুজি কৰি গাওঁবুঢ়া প্ৰাৰ্থীৰ চুড়ান্ত তালিকা ঘোষণা কৰিছিল বুলি জানিব পৰা গৈছে।

বহু বছৰৰ পৰা গাওঁবুঢ়া হিচাপে কাম কৰি থকা ব্যক্তিসকলক বিভিন্ন কৌশলেৰে উপায়ুক্তগৰাকীয়ে বঞ্চিত কৰাত তেওঁলোকে গুৱাহাটী হাই কোৰ্টৰ দ্বাৰস্থ হয়। যাৰ ফলত উপায়ুক্ত গৰাকীয়ে চুড়ান্ত ভাবে বাচনি কৰা গাওঁবুঢ়াসকলক নিযুক্তি প্ৰদান কৰিব পৰা নাছিল।

উল্লেখযোগ্য যে,আইনী মেৰপেছৰ বাবে ২০২১ চনত তদানীন্তন উপায়ুক্ত গুৰুদ্বীপ পানেশৰৰ নেতৃত্বত বাছনিকৃত প্ৰাৰ্থীৰ ভিতৰত ৬৮ গৰাকী গাওঁবুঢ়া প্ৰাৰ্থীক ৫৬ হেজাৰৰ পৰা ৬০ হেজাৰ টকা কৈ সংগ্ৰহ কৰি নিযুক্তি প্ৰদান কৰে বুলি অভিযোগ উত্থাপিত হৈছে।

আনহাতে গাওঁ বুঢ়া বাছনি আৰু নিযুক্তি প্ৰক্ৰিয়াত বৃহৎ দুৰ্নীতি আৰু বহু ল'টত ব্যাপক অনিয়ম কৰি সমষ্টি খনৰ প্ৰায় সকলো বোৰ নেতাৰ আশীষ তথা হস্তক্ষেপত মোটা অংকৰ ধনৰ লেনদেন কৰি এনে কাৰ্য্য সম্পাদন কৰে বুলি পুৰণি বেচৰকাৰী গাওঁবুঢ়াসকলে গুৰুত্বৰ অভিযোগ উত্থাপিত কৰিছে। এই ক্ষেত্ৰত জাভেদ ইছলামৰ ঘনিষ্ঠ কৰ্মী তথা বৰ্তমান গাওঁবুঢ়া সন্থাৰ সম্পাদক চান্দ মিঞাই জিলা প্ৰশাসনৰ লগত ধনৰ বন্দবস্তকাৰী হিচাপে কাম কৰিছিল বুলি বঞ্চিত বেচৰকাৰী গাওঁবুঢ়াসকলে গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে।

মানকাচৰ সমষ্টিৰ গাওঁ বুঢ়া প্ৰাৰ্থী বাছনি আৰু নিযুক্তি কেলেংকাৰীত মহা নায়িকা তদানীন্তন উপায়ুক্ত আতিকা সুলতানা, তদানীন্তন উপায়ুক্ত গুৰুদ্বীপ পানেশৰ আৰু এই কেলেংকাৰীত সক্ৰিয় ভাবে জড়িত ৰাজনৈতিক নেতা সকলক মুখ্য মন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই তদন্তৰ আওতালৈ আনি স্বচ্ছ, নিকা তদন্ত মৰ্মে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমুলক শাস্তি বিহাৰ লগতে বহু বছৰ ধৰি গাওঁবুঢ়া হিচাপে কাম কৰি অহা ব্যক্তি সকলক ন্যায় প্ৰদান কৰিবলৈ অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে।

No comments:

Post a Comment

SPONSORED