বাবুৰহাট বজাৰত ছিণ্ডিকেটৰাজ : প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাৰ প্ৰতিক্ৰিয়া - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 15, 2021

বাবুৰহাট বজাৰত ছিণ্ডিকেটৰাজ : প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাৰ প্ৰতিক্ৰিয়া

গুৱাহাটী : ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত গোৱালেৰচৰ-বাবুৰহাট বজাৰত যোৱা কিছুদিন ধৰি দুই পক্ষৰ মাজত অৰিয়া-অৰিক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে যোৱা ১৯৯৬ ইং চনত আলী আকবৰ মিঞাই প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয়৷ তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈয়েই দুৰ্নীতিৰ বিৰুদ্ধে আপোচহীন এক সংগ্ৰাম আৰম্ভ কৰে৷ 


১৯৯৮ ইং চনত বিলাসীপাৰা বজাৰত সমবায় সমিতিৰ চেনি ক’লা বজাৰত বিক্ৰী কৰি থকা অৱস্থাত চৰাঞ্চলৰ ২-৪জন যুৱকে হাতে-লোটে ধৰা পেলায়৷ বজাৰৰ দোকানীসকলে একগোট হৈ চৰাঞ্চলৰ দুজন যুৱ সমাজকৰ্মীক বেয়াকৈ মাৰধৰ কৰে৷ ঘটনাস্থলীত তদান্তীন্তন বিধায়ক আলী আকবৰ মিঞাই উপস্থিত হৈ উক্ত ঘটনাটো মীমাংসাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল৷ কিন্তু দোকানীসকলে ওলোটাই তদানীন্তন বিধায়কগৰাকীৰ গাড়ীৰ ওপৰত আক্ৰমণ চলায়৷ পৰৱৰ্তী সময়ত ঘটনাটোৱে সাম্প্ৰদায়িক ৰূপ লয়৷ তাৰ প্ৰতিবাদত তদানীন্তন বিধায়ক আলী আকবৰ মিঞাই গোৱালেৰচৰ নামৰ দুৰ্গম চৰ অঞ্চলত ১৫ বিঘাৰো অধিক ভূমি নিজৰ ধনেৰে ক্ৰয় কৰি তাত গোৱালেৰচৰ-বাবুৰহাট নামেৰে নতুনকৈ এক বজাৰ স্থাপন কৰে৷ পাঁচ-ছয় বছৰমান বজাৰখন ঠিকে-ঠাকে চলিছিল৷ পৰৱৰ্তী সময়ত উক্ত বজাৰত দালাল চক্ৰ এটা কু-দৃষ্টি পৰে৷ দালালসকলে দোকানদাৰ সকলৰ ওপৰত ছিণ্ডিকেটৰাজ চলাই গুণ্ডা টেক্স তুলিবলৈ আৰম্ভ কৰে৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি ২-৪ বাৰ মাৰ-পিটৰ ঘটনাও সংঘটিত হয়৷ তেনেদৰেই মিঞাৰ পৰিয়ালৰ বিভিন্নজনৰ নামত খৰিদা মাটিৰ ওপৰত আজিও বজাৰখন চলি আছে৷ 

এইবছৰ যোৱা কিছুদিন পূৰ্বে বজাৰখনত দুই পক্ষৰ মাজত আকৌ মাৰ-পিটৰ ঘটনা সংঘটিত হৈছে৷ তাকে লৈ বিলাসীপাৰা থানাত দুটামান গোচৰ ৰুজু হৈছে৷ ঘটনা সংক্ৰান্তত বজাৰখনৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাৰ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘বাবুৰহাট বজাৰৰ বিষয়ত ফেচবুকত আপডেট এটা চাই অতিকৈ আচৰিত হৈছো৷ উক্ত বজাৰত ছিণ্ডিকেটত লিপ্ত ও দোকানীসকলৰ পৰা টকা তুলি খোৱা দালালসকলৰ লগত মাটিৰ মালিকৰ দায়িত্ববাহী লোকসকলৰ মাজত হাই-কাজিয়া বা অৰিয়া-অৰিৰ সৃষ্টি হোৱাটো বজাৰখন চলি থকাৰ ক্ষেত্ৰত নতুবা অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত এয়া এক অশুভ লক্ষণ৷ ২৩ বছৰ আগত আমাৰ নিজা খৰিদা মাটিৰ ওপৰত স্থাপিত বজাৰখনৰ উন্নয়নকল্পে বজাৰ কমিটিৰ সম্পাদক শ্বেখ আবুল হাশেমে দোকানদাৰসকলৰ পৰা কিছু কিছু টকা তুলিছিল বুলি জানিছিলো৷ সেই টকা আমি লোৱা নাছিলো৷ কেৱল গৰু হাটৰ আয়ৰ কিছু টকাহে আমাক দিছিল বজাৰ কমিটিৰ সম্পাদকজনে৷তাৰও ৮০ শতাংশই বজাৰ কমিটীৰ সম্পাদক হিচাপে শ্বেখ আবুল হাশেমে তুলি উদৰস্ত কৰিছিল- বিষয়টো সংক্ৰান্তত তেতিয়াই বিলাসীপাৰা থানাত কেচ দিয়া হৈছিল৷ তাৰ পাছতো দুই-চাৰিজন ব্যক্তিয়ে আমি মাটিৰ নামত দোকানীসকলৰ পৰা টকা লোৱা বুলি ফেচবুকৰ মাধ্যমত এক গুজৱৰ সৃষ্টি কৰিছে! 

বিষয়টোৰ বিপৰীতে অযথাভাৱে আমাক বদনামী কৰা সকলে ফেচবুকৰ মাধ্যমতেই ২-১দিনৰ ভিতৰত ক্ষমা নুখুজিলে তেওঁলোকৰ বিৰুদ্ধে গুজৱ সৃষ্টি কৰাৰ অপৰাধত আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিম৷’ ইপিনে প্ৰাক্তন বিধায়কগৰাকীয়ে আক্ষেপৰ সুৰত আৰু কয় যে- চৰবাসী জনগণৰ ভাল কাম-কাজ এনেবোৰ কাৰণৰ বাবেই কোনেও কৰিবলৈ আগবাঢ়ি নাহে৷ অৱশ্যে বজাৰখনত চলি থকা এনে অপ্ৰীতিকৰ পৰিস্থিতিৰ শ্যাম কটাই সকলো পক্ষকে শান্তি-সম্প্ৰীতি অটুট ৰাখিবলৈ প্ৰাক্তন বিধায়কগৰাকীয়ে আহ্বান জনায়৷

No comments:

Post a Comment

SPONSORED