কি চলিছে অসম ৱাক্‌ফ বোৰ্ডত? তদন্তৰ নামতো চৰম ভেকোভাওনা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 14, 2021

কি চলিছে অসম ৱাক্‌ফ বোৰ্ডত? তদন্তৰ নামতো চৰম ভেকোভাওনা

  • উপযুক্ত শিক্ষাগত অৰ্হতা অবিহনেই ৱাক্‌ফ বোৰ্ডৰ নায়েবে মতাৱালি পদবীত ইমদাদ
  • নীতি বহিঃৰ্ভূতভাৱে মাহে সংগ্ৰহ কৰি আছে মোটা অংকৰ ধন

গুৱাহাটী ঃ অসম ৱাক্‌ফ বোৰ্ডত উপযুক্ত শিক্ষাগত অৰ্হতা অবিহনে এজন কৰ্মচাৰীয়ে দীৰ্ঘ বছৰ ধৰি দৰমহা আদায় কৰি অহা কাৰ্যই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শিক্ষাগত অৰ্হতা নথকাৰ পিছতো ৱাক্‌ফ বোৰ্ডত দীৰ্ঘবছৰ ধৰি কৰ্মৰত হৈ মোটা অংকৰ ধন সংগ্ৰহ কৰি থকা বিষয়টোক লৈ ভিতৰচ’ৰাত খলকনি তুলিছে৷ উৎপল দাসকে ধৰি কেইবাজনো আৰটিআই কৰ্মীৰ তথ্যত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য৷ অভিযোগ অনুসৰি ইমদাদ আলী আহমেদ নামৰ কৰ্মচাৰী গৰাকীয়ে শিক্ষাগত যোগ্যতা নোহোৱাকৈয়ে ৱাকফ বোৰ্ডৰ পৰা মাহিলী প্ৰায় অৰ্ধ লক্ষাধিক টকা সংগ্ৰহ কৰি আহিছে৷ এই গৰাকী কৰ্মচাৰীয়ে নায়েবে মতৱালি (ৱাক্‌ফ সম্পত্তিৰ তত্বাৱধায়ক) হিচাপে ৰেকৰ্ড এচিটেণ্ট হিচাপে নীতি বিহৰ্ভূতভাৱে কাম কৰি আছে৷ এই পদবীৰ বাবে শিক্ষাগত অৰ্হত নথকাৰ পিছতো দীৰ্ঘ বছৰে মোটা অংকৰ ধন লাভ কৰি অহা বিষয়টোক লৈ সাংবাদিকে কৰ্মচাৰী গৰাকীক সোধাত তেওঁ দায়সৰা মন্তব্য কৰে৷

শুকুৰবাৰে দিনৰ প্ৰায় আঢ়ৈ বজাত ৱাক্‌ফ বোৰ্ডৰ কাৰ্যালয়ত সাংবাদিক উপস্থিত হৈ এই সম্পৰ্কত কৰ্মচাৰী গৰাকীৰ ভাষ্য বিচাৰে৷ তেওঁ সাংবাদিকৰ আগত পুংখানুপুংখভাৱে ইয়াৰ বিৱৰণ দিয়াৰ বিপীৰতে বিষয়টোক লৈ দায়সৰা মন্তব্য কৰি নিজকে ধূৱা-তুলসীৰ পাত সজাবলৈ চেষ্টা কৰে৷ তেওঁ এই বিষয়ত সাংবাদিকসকলক কাৰ্যবাহী বিষয়াক বিষয়টো সুধিবলৈহে উল্লেখ কৰে৷ কাৰ্যবাহী বিষয়াৰ সৈতে সাংবাদিকে যোগাযোগ কৰিছিল যদিও বিষয়া গৰাকীয়ে বিষয়টোৰ পৰা ফালৰি কাটি থাকে৷ উক্ত বিষয়ক লৈ মন্তব্য দিয়াৰ পৰা বিৰত থাকে কাৰ্যবাহী বিষয়া গৰাকীয়ে৷

উল্লেখ্য যে ইমদাদ আলী আহমেদে ৱাকফ বোৰ্ডৰ কোনো বিজ্ঞাপন অথবা সাক্ষাৎকাৰ অবিহনে কাৰোবাৰ আশীষ ধন্য হৈ এই পদবীত যোগদান কৰিছিল৷ আনকি উক্ত পদৰ বাবে উচ্ছতৰ মাধ্যমিক উত্তীৰ্ণ হ’ব লাগে যদিও এইগৰাকী কৰ্মচাৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ৷ শিক্ষাগত অৰ্হতা নথকাৰ পিচতো উক্ত পদবীত এইগৰাকী কৰ্মচাৰীয়ে নিয়োজিত হৈ থকা বিষয়টোৱে এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে৷ ইয়াৰ উপৰি নায়বে মতাৱলী হ’বলৈ ৱাকফ সম্পত্তি দান দিয়া ব্যক্তিজনহে এই পদবীৰ দায়িত্ব পালন কৰিব পাৰে৷ কিন্তু এই গৰাকী কৰ্মচাৰীয়ে ৱাক্‌ফ সম্পত্তিত কোনো দান নিদিয়াকৈ মোটা অংকৰ দৰমহা লাভ কৰি আহিছে৷ কেনেকৈ নায়েবে মতাৱলী হ’ল সেয়া এক ৰহস্যৰ বিষয় হৈ আছে৷ একেদৰে শিক্ষাগত অৰ্হতা সম্পৰ্কত অসম ৰাজপত্ৰত উল্লেখ আছে৷ ইমানৰ পিছতো শীৰ্ষ বিষয়াক মেনেজ কৰি অবৈধভাৱে পদবী খামুচ মাৰি ধৰি আছে৷ যোৱা ১৮ আগষ্টত আৰটিআইৰ আবেদনৰ উত্তৰত মুখ্য কাৰ্যবাহী বিষয়াই কৈছিল যে ইমদাদ আলী আহমেদ হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ৷ তেওঁ বৰ্তমান ৪৮,৬৪২ টকা দৰমহা আদায় কৰি আছে৷ ইয়াৰ পূৰ্বেও আৰটিআইৰ আবেদনত মুখ্য কাৰ্যবাহী বিষয়াই কৈছিল যে এই পদবীৰ বাবে নূন্যতম অৰ্হতা উচ্ছতৰ মাধ্যমিকৰ প্ৰয়োজন৷ কিন্তু তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হৈয়ে এই পদবীত কৰ্মৰত হৈ আছে৷

ইয়াক লৈ ৱাক্‌ফ বোৰ্ডৰ প্ৰাক্তন অধ্যক্ষ নেকিবুৰ জামানে এক তদন্ত ঘোষণা কৰিছিল৷ ২০১৫তেই ঘোষণা কৰা তদন্ত আজিও কাৰ্যকৰী নহ’ল৷ নেকিবুৰ জামানে অধ্যক্ষ পদৰ পৰা অব্যাহতি লোৱাৰ পিছত এইজন কৰ্মচাৰীয়ে উঠি ৰজা বহি ৰজা হৈ সকলোকে মেনেজ কৰি দীৰ্ঘ বছৰে লক্ষ লক্ষ টকা আত্মসাৎ কৰি অহাৰ অভিযোগ উঠিছে৷ যাৰ পৰিপ্ৰেক্ষিতত তদন্ত ঘোষণা কেৱল ঘোষণা হৈয়ে থাকিল৷ অবৈধভাৱে কৰ্মৰত হৈ থকাৰ পিছতো এইগৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা নহ’ল৷ এইগৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ শূন্য সহনশীল নীতি অৱলম্বন কৰা এইখন চৰকাৰৰ সাহস হ’ব নে সেই লৈ এতিয়া লাখ টকীয়া প্ৰশ্ন হিচাপে চিহ্নিত হৈছে৷

উল্লেখ্য যে এইজন কৰ্মচাৰী ৱাকফ বোৰ্ডৰ নডেল অফিচাৰ ৰূপে দায়িত্ব বহন কৰি আছে আৰু ২০১২-১৩ বিত্তীয় বৰ্ষৰ পৰা ২০১৬-১৭ বিত্তীয় বৰ্ষলৈ ফাচী বজাৰৰ ৱাক্‌ফ সম্পত্তিৰ ৰাজহ সংগ্ৰহৰ এষ্টেট অফিচাৰ ৰূপে দায়িত্বত আছিল৷ সেই সময়ত বিধানসভাৰ মজিয়াত চৰকাৰে দিয়া তথ্য অনুসৰি ২০১২-১৩ত তেওঁ প্ৰায় ৰ,চ্ছ,০০০ টকা, ২০১৩-১৪ত প্ৰায় ৮৪ হাজাৰ টকা, ২০১৪-১৫ত প্ৰায় ৭৪ হাজাৰ টকা, ২০১৫-১৬ত প্ৰায় ৭১ হাজাৰ টকাহে সংগ্ৰহ কৰিছিল৷ বিজেপি চৰকাৰে তেওঁ সংগ্ৰহ কৰা ধনৰাশিৰ প্ৰতি লক্ষ্য ৰাখি এই পদবীৰ পৰা তেওঁক অপসাৰন কৰিছিল৷ ইয়াৰ পিছত বিধানসভাৰ মজিয়াত প্ৰকাশ পোৱা আন এক তথ্য অনুসৰি ২০১৭-১৮ত উক্ত স্থানৰ পৰা প্ৰায় ৬,১৮,০০০ টকা, ২০১৮-১৯ত প্ৰায় ১৪,৬১,০০০ টকা, ২০১৯-২০ত প্ৰায় ২৮ লাখ টকা আৰু ২০২০-২১টকা প্ৰায় ৩৪ লাখ টকা সংগ্ৰহ কৰিছিল৷ এই কৰ্মচাৰীজন উক্ত পদবীত থকা কালছোৱাত কিয় কমকৈ ৰাজহ সংগ্ৰহ হৈছিল তাক লৈ এক বৃহৎ প্ৰশ্ন সকলোৰে মনত উদয় হৈ আছে৷

No comments:

Post a Comment

SPONSORED