আজি দিনৰ ১১ বজাৰ পৰা বৰপেটাৰোড সাহিত্য সভা ভৱনত আৰম্ভ হয় বঁটা প্ৰদান অনুষ্ঠান ৷ ২০০৫ চনত "কৃষ্টিপথাৰ"ৰ প্ৰতিষ্ঠাপক তথা প্ৰধান সম্পাদক মহানন্দ সৰকাৰ দত্তৰ স্ব-ৰচিত কবিতাপুথি 'কাৱৈমাৰী ৰিজাৰ্ভৰ শ্লোগান' উন্মোচনেৰে যাত্ৰা আৰম্ভ কৰা উক্ত অনুষ্ঠানটিয়ে নানা ঘাত প্ৰতিঘাত অতিক্ৰম কৰি অসমীয়া ভাষা-সাহিত্য, সংস্কৃতি আৰু সামাজিক দিশত বৰঙণি আগবঢ়াই আহিছে।
নিৰলস ভাৱে ২০০৫ চনৰ পৰাই সমাজৰ বিশিষ্ট ব্যক্তি সকলক সম্বৰ্ধনা, কৃতী ছাত্র ছাত্ৰীক সম্বৰ্ধনা, সমাজৰ বিভিন্ন স্পৰ্শকাতৰ বিষয়ৰ ওপৰত আলোচনা চক্ৰ, কবি সন্মিলন, কিতাপ পত্ৰ ইত্যাদি প্ৰকাশ কৰি আহিছে ৷ ড০ বাণীকান্ত কাকতি দেৱক স্মৰণ কৰাৰ উদ্দেশ্য আগত ৰাখি প্ৰতিবছৰে আয়োজন কৰা "কৃষ্টি এৱাৰ্ডচ্"ৰ জড়িয়তে এইবাৰো ৩৮ গৰাকী ব্যক্তিৰ প্ৰদান কৰা হৈছে।
বিশিষ্ট সাহিত্যিক তথা হোজাইস্থিত ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ অমলেন্দু চক্ৰৱৰ্তীক ড০ বাণীকান্ত কাকতি বটাঁ, দৈনিক অসম কাকতৰ কাৰ্যবাহী সম্পাদক মুনীন বায়নক জি এল আগৰৱালা সাংবাদিকতা বটাঁ, আদি৷ আজিৰ অনুষ্ঠানত মহানন্দ সৰকাৰ দত্তই সম্পাদনা কৰি অহা বাৰ্ষিক কাব্যালোচনী "কৃষ্টি"ৰ সপ্তম সংখ্যা উন্মোচন, কৃষ্টি এৱাৰ্ডচ্'ৰ স্মৰণিকা উন্মোচনী কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসে ৷ বড়ো কছাৰী ওৱেলফেয়াৰ অটো’নমাছ কাউন্সিলৰ কাৰ্যকৰী সদস্য মহিপাল বড়ো, আন্তৰাষ্ট্ৰীয় সাহিত্য গোষ্ঠী কিঞ্চিতৰ মুখ্য সম্পাক ড০ মানিক লাল ভৌমিক, মণিপুৰী সাহিত্যিক 'ও' বিৰামনি সিং সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ৷
No comments:
Post a Comment