বৃহৎ পৰিমাণৰ ধন আৰটিজিএছ কৰা গাণনিক ৰাহুল হুজুৰীক গ্রেপ্তাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 13, 2021

বৃহৎ পৰিমাণৰ ধন আৰটিজিএছ কৰা গাণনিক ৰাহুল হুজুৰীক গ্রেপ্তাৰ


আছাম ইলেক্ট্র’নিক ডেভেলপমেণ্ট কর্প’ৰেচন লিমিটেড (এমট্র’ন)ত সংঘটিত হৈছে ভয়ংকৰ জালিয়াতি৷ এটা দিনতে এমট্র’নৰ পৰা নোহোৱা হ’ল কোটি কোটি টকা৷ এই ভয়ংকৰ জালিয়াতিৰ জৰিয়তে সৰকাই নিয়া হ’ল ২.৫৭ কোটি টকা৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ এই প্রতিষ্ঠানটোত সংঘটিত হোৱা কোটিটকীয়া কেলেংকাৰিৰ আঁৰত আছে প্রতিষ্ঠানটোৰ মুখ্য গাণনিক বিষয়া ৰাহুল হুজুৰী৷ হঠাৎ এমট্র’নৰ একাউণ্টৰ পৰা হৰলুকী হোৱা ২.৫৭ কোটি টকা সন্দর্ভত প্রতিষ্ঠানটোৱে কালি মহানগৰীৰ পাণবজাৰ আৰক্ষী থানাত আৰু চি আই ডিত দাখিল কৰিছিল দুটাকৈ গোচৰ৷ তথ্য অনুসৰি বেংক অৱ মহাৰাষ্ট্রৰ গুৱাহাটী শাখাত এমট্র’নৰ নামত থকা একাউণ্টৰ পৰা যোৱা ৮ নৱেম্বৰত ২.৫৭ কোটি টকা ট্রেন্সফাৰ হয়৷ ৰাহুল হুজুৰীৰ মেইলৰ পৰা যোৱা ৮ নৱেম্বৰত বেংক কর্তৃপক্ষলৈ মেইল কৰি আন কেইবাটাও একাউণ্টলৈ আৰ টি জি এছেৰে ধন পঠিয়াবলৈ অনুৰোধ কৰাত বেংকে এই বৃহৎ পৰিমাণৰ ধন ট্রেন্সফাৰ কৰে৷
লক্ষণীয়ভাৱে এমট্র’নৰ শীর্ষ কর্তৃপক্ষক অন্ধকাৰত ৰাখি গাণনিক বিষয়া ৰাহুল হুজুৰীয়ে এনেদৰে ধনখিনি আৰ টি জি এছ কৰিবলৈ দিয়া নির্দেশৰ পাছতেই বেংক অৱ মহাৰাষ্ট্রই ধনখিনি লাখটকীয়াৰ শাখাৰ লগতে আন কেইবাটাও বেংকৰ শাখালৈ হস্তান্তৰ কৰে৷ কার্যতঃ ইয়াকে লৈ এমট্র’নত সৃষ্টি হয় হুলস্থূল৷ কি উদ্দেশ্যে আৰু কাৰ নির্দেশত এই ধনখিনি ৰাহুল হুজুৰীয়ে বেংক অৱ মহাৰাষ্ট্রক হস্তান্তৰ কৰিবলৈ নির্দেশ দিছিল, তাক লৈ বিবুধিত পৰা এমট্র’ন কর্তৃপক্ষই পাণবজাৰৰ চি আই ডিত দুটাকৈ গোচৰ ৰুজু কৰে৷ এই গোচৰৰ ভিত্তিতেই কালি ৰাহুল হুজুৰীক চি আই ডিয়ে গ্রেপ্তাৰ কৰাৰ পাছত আজি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাই চাৰি দিনৰ বাবে নিজৰ জিম্মাত লয়৷
ইফালে গাণনিক বিষয়া ৰাহুল হুজুৰীয়ে প্রকাশ কৰা মতে, তেওঁৰ মেইল হেক্ কৰা হৈছিল৷ বেংক অৱ মহাৰাষ্ট্রলৈ হেকাৰেহে তেওঁৰ মেইলৰ জৰিয়তে অনুৰোধ পঠিয়াইছিল৷ বিষয়টোক লৈ সৃষ্টি হৈ থকা এনে প্রতিক্রিয়াৰ মাজতে চি আই ডিয়ে প্রাৰম্ভিক অনুসন্ধানত এমট্র’নৰ উক্ত ধনৰাশিৰ বৃহৎ অংশ চেন্নাইস্থিত এটা একাউণ্টলৈ হস্তান্তৰৰ তথ্য লাভ কৰিছে৷ অচিৰেই এই কেলেংকাৰিৰ অধিক তথ্য পোহৰলৈ আহিব বুলি চি আই ডিয়ে জানিবলৈ দিছে৷

No comments:

Post a Comment

SPONSORED