গর্ভৱতী মহিলা কর্মচাৰীও আহিব লাগিব কার্যালয়লৈ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 13, 2021

গর্ভৱতী মহিলা কর্মচাৰীও আহিব লাগিব কার্যালয়লৈ

তিনি বছৰৰ তলৰ সন্তান থকা মহিলা কর্মচাৰী আৰু গর্ভৱতী কর্মচাৰীসকল এতিয়াৰে পৰা পুনৰ কার্যালয়লৈ আহিব লাগিব৷ ক’ভিড মহামাৰীৰ বাবে এই কর্মচাৰীসকলক ৰেহাই দিয়াৰ নির্দেশনা প্রত্যাহাৰ কৰিছে ৰাজ্য চৰকাৰে৷ চৰকাৰী কার্যালয়, ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান, বিত্তীয় প্রতিষ্ঠান আৰু ব্যক্তিগত কার্যালয়সমূহৰ ক্ষেত্রত এই নতুন নির্দেশনা প্রযোজ্য হ’ব৷ প্রাপ্ত ছুটীত থকা মহিলা কর্মচাৰীসকলৰ বাহিৰে আন সকলো চৰকাৰী কর্মচাৰীকে কার্যালয়ত উপস্থিত থাকিবলৈ নির্দেশ দিয়া হৈছে৷ ৰাজ্যৰ মুখ্য সচিবে জাৰি কৰা এই নির্দেশনাত উল্লেখ কৰা হৈছে ৰাজ্যৰ সামগ্রিক ক’ভিড পৰিস্থিতি পর্যালোচনা কৰা হৈছে আৰু ক’ভিড পৰিস্থিতিৰ উন্নতি ঘটিছে৷


তদুপৰি ৰাজ্যত ভেকচিন লোৱাৰ বাবে যোগ্য ব্যক্তিসকলৰ ৯৫ শতাংশই লাভ কৰিছে প্রথম পালি ভেকচিন৷ ভেকচিনৰ দুয়োটা ড’জ গ্রহণ কৰা লোকৰ সংখ্যাও ৩১ শতাংশলৈ বৃদ্ধি পাইছে৷ যাৰ পৰিপ্রেক্ষিতত ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্রহণ কৰিছে৷ উল্লেখ্য যে ক’ভিডৰ সংক্রমণৰ বাবে ঘোষণা কৰা দেশজোৰা লকডাউনৰ অন্তত বিভিন্ন সেৱাৰ শিথিলতা প্রদান কৰা হৈছিল৷ ক’ভিড পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি বিভিন্ন সময়ত চৰকাৰী কর্মচাৰীসকলৰ ক্ষেত্রতো বিভিন্ন নির্দেশনা প্রদান কৰা হৈছিল৷ কিন্তু গর্ভৱতী কর্মচাৰী আৰু তিনি বছৰৰ তলৰ বয়সৰ সন্তান থকা মহিলা কর্মচাৰীসকলক কার্যালয়ত উপস্থিত থকাৰ পৰা ৰেহাই দিয়া হৈছিল৷ তেওঁলোকক ঘৰৰ পৰাই কাম কৰিবলৈ অনুমতি প্রদান কৰিছিল চৰকাৰে৷

No comments:

Post a Comment

SPONSORED