Akhil Gogoi | বৰপেটাৰ পালহাজীত কৃষক নেতা অখিল গগৈৰ বিস্ফোৰক মন্তব্য - SANGBAD PRAHARI

Breaking

Responsive Ads Here

December 13, 2021

Akhil Gogoi | বৰপেটাৰ পালহাজীত কৃষক নেতা অখিল গগৈৰ বিস্ফোৰক মন্তব্য

পালহাজীত অনুষ্ঠিত হোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিৰ পঞ্চম দ্বি বাৰ্ষিক অধিবেশনৰ মুকলি সভাত অংশগ্ৰহন কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। সভাত সভাপতিত্ব কৰে মানৱ অধিকাৰ কৰ্মী সেখ ৰহমত উল্লাহই।


অসম তথা ভাৰতৰ ৰাইজে কলা কৃষি আইনৰ দৰে ঐক্যৱদ্ধ নিৰবিচ্ছিন্ন সংগ্ৰাম গঢ়ি তুলিব পাৰিলে কা' বাতিল হব বুলি আশাবাদী অখিল গগৈয়ে মন্তব্য কৰে।

লগতে বিতৰ্কিত কৃষি আইন বাতিল কৰিবলগীয়া হোৱাটোক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গালত এটা প্ৰচণ্ড চৰ বুলি অভিহিত কৰে অখিল গগৈয়ে ৷ ধাৰাবাহিক আৰু আপোচবিহীন সংগ্ৰাম গঢ়ি নুঠাৰ বাবেই কা' আইনখন বাতিল হোৱা নাই বুলিও মন্তব্য ৷

ইপিনে ২০২৪ চনৰ নিৰ্বাচনত কেন্দ্ৰত বিজেপি বিৰোধী চৰকাৰ গঠনক সম্বন্ধে অখিল গগৈয়ে কয় যে, মমতা বেনাৰ্জীয়ে অকলে কেন্দ্ৰত চৰকাৰ পৰিবৰ্তন কৰাব নোৱাৰে ৷ তাৰবাবে মমতাৰ নেতৃত্বত ফেডাৰেল ফ্ৰন্ট আৰু কংগ্ৰেছৰ নেতৃত্বত ইউপিএ একেলগ হব লাগিব বুলি মন্তব্য ৷

যদি ২০২৪ চনত দেশত বিজেপিৰ চৰকাৰ হ'লে দেশত গণতন্ত্ৰ নাথাকিব আৰু সাংবিধানিক ব্যৱস্থাটো অৱসাসন হব। দেশত একদলীয় চৰকাৰ হব আৰু দেশত বিজেপিৰ একনায়ত্ববাদ চলিব ৷ দেশত হিন্দুৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ নামত মানৱতাৰ বধ্যভূমিত পৰিণত হব।

দেশত এতিয়া কোনো গণতান্ত্ৰিক শক্তি নাই আৰু বিজেপি আৰু আৰ এছ এছে স্বৈৰতান্ত্ৰিকভাৱে গণতান্ত্ৰিক শক্তিসমুহ ধ্বংস কৰি পেলোৱা হৈছে বুলি মত পোষণ কৰে। আনকি বিজেপি আৰএছএছে সমাজত বিষবাস্প বিয়পাইছে ৷

ইপিনে ভূমি কেলেংকাৰীক অসমৰ সৰ্ব বৃহৎ ভূমি কেলেংকাৰী বুলি মন্তব্য কৰি কয় মূখ্যমন্ত্ৰীয়ে আমিনুল আৰু সত্যৰঞ্জন বৰাক দি ইছু ডাইবাৰ্ড কৰাই হিন্দু মুছলমান খেল খেলাই আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ লোকে সংঘটিত কৰা ভূমি কেলেংকাৰী সম্পৰ্কে আৰু কয় যে চি বি আইয়ে তদন্ত কৰিব লাগে আৰু ইয়াৰ বিৰুদ্ধে অচিৰেই আইনৰ কাষ চাপিব বুলি মন্তব্য অখিল গগৈৰ ৷ কেলেংকাৰীটোৰ সৈতে জৰিত সকলক গ্ৰেপ্তাৰৰ দাবী তোলে অখিল গগৈয়ে ৷

No comments:

Post a Comment

SPONSORED