Miss Universe: ২১ বছৰৰ পিছত মিছ ইউনিভাৰ্ছৰ খিতাপ ভাৰতীয় সুন্দৰীৰ শিৰত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

December 13, 2021

Miss Universe: ২১ বছৰৰ পিছত মিছ ইউনিভাৰ্ছৰ খিতাপ ভাৰতীয় সুন্দৰীৰ শিৰত

২১ বছৰৰ পিছত ভাৰতে পুনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত বিজয়ৰ খিতাপ লাভ কৰিছে। সুস্মিতা সেন, লাৰা দত্তৰ পিছত বিজয় মুকুট পিন্ধিলে হৰনাজ সান্ধুৱে।


ইজৰাইলত অনুষ্ঠিত ৭০ তম মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰি বিজয়ৰ হাঁহি মাৰে চণ্ডীগড়ৰ সুন্দৰী হৰনাজ সান্ধুৱে৷
হৰনাজৰ জন্ম পঞ্জাৱৰ চণ্ডিগড়ত। পঢ়াশুনাৰ সমান্তৰালভাৱে মডেলিংৰ সৈতে জড়িত হৈ পৰিছিল হৰনাজ। হৰনাজে ১৭ বছৰ বয়সতে মডেলিং আৰম্ভ কৰিছিল। তেওঁ ২০১৯ চনত ফেমিনা মিছ ইণ্ডিয়া পাঞ্জাৱৰ খিতাপ অৰ্জন কৰিছিল। হৰনাজে ফেমিনা মিছ ইণ্ডিয়া ২০১৯ ত সমগ্ৰ দেশৰ ভিতৰতে দ্বাদশ স্থান লাভ কৰিছিল। তেওঁ মিছ ডিভা ২০২১ খিতাপো দখল কৰিছে। ইয়াৰোপৰি হৰনাজে কেইবাখনো পাঞ্জাৱী চলচ্চিত্ৰতো কাম কৰিছে।

No comments:

Post a Comment

SPONSORED