ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী বিপিন ৰাৱটৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

December 8, 2021

ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী বিপিন ৰাৱটৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত



তামিলনাডুৰ কুন্নুৰত ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী বিপিন ৰাৱটৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত। চিডিএছ বিপিন ৰাৱট আৰু তেওঁৰ পত্নীকে ধৰি সেনাৰ জ্যেষ্ঠ বিষয়াসকল হেলিকপ্টাৰখনত উপস্থিত আছিল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোৰ পিছতে চাৰিওফালৰ অঞ্চলত অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে। আটাইকেইজন আহতক ওচৰৰ সেনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান তেওঁলোকৰ অৱস্থা সংকটজনক বুলি জনা গৈছে।
ইফালে, ভাৰতীয় বায়ু সেনাই দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ তদন্তৰ নিৰ্দেশ দিছে।
সংবাদ সংস্থা এএনআইৰ মতে, দুৰ্ঘটনাটোৰ সময়ত মুঠ ১৪ জন লোক হেলিকপ্টাৰখনত আছিল। ইয়াৰ ভিতৰত আছিল চিডিএছ জেনেৰেল বিপিন ৰাৱাট, তেওঁৰ পত্নী মধুলিকা ৰাৱট, ব্ৰিগেডিয়াৰ এলএছ লিড্ডাৰ, লেফটেনেণ্ট কৰ্ণেল হৰজিন্দৰ সিং, নায়েক গুৰসেৱক সিং, নায়েক জিতেন্দ্ৰ কুমাৰ, লেন্স নায়েক বিবেক কুমাৰ, লেন্স নায়েক বি চাই তেজা আৰু হাৱলদাৰ সতপাল।

No comments:

Post a Comment

SPONSORED