অৱশেষত ধনশিৰিৰ বুকুৰ পৰা উদ্ধাৰ হ’ল NRLৰ অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

December 8, 2021

অৱশেষত ধনশিৰিৰ বুকুৰ পৰা উদ্ধাৰ হ’ল NRLৰ অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহ

অৱশেষত উদ্ধাৰ হ’ল গোলাঘাটৰ থুৰামুখৰ ধনশিৰি নদীত ডুব যোৱা অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহ। ঘটনাস্থলীৰ পৰা প্ৰায় আঢ়ৈ কিঃমিঃ নিলগৰ হাঁহচৰা নামৰ এটি স্থানত উদ্ধাৰ বৰুৱাৰ মৃতদেহ।


পানীত উপঙি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে এটা মৃতদেহ। লগে লগেই খবৰ দিয়ে আৰক্ষীক। আৰক্ষী আৰু বৰুৱাৰ পৰিয়ালৰ লোক উপস্থিত হৈ নুমলীগড় তেল শোধনাগাৰৰ অভিযন্তা ৰক্তিম বৰুৱা বুলি নিশ্চিত কৰে।
উল্লেখ্য যে ৫ নৱেম্বৰত বৰুৱাৰ পৰিয়ালৰ সহিতে আন দুটা পৰিয়ালৰ লগত বনভোজ খাবলৈ বুলি গৈছিল থুৰামুখৰ ধনশিৰি নদীৰ পাৰলৈ। সেই স্থলীত বৰুৱাৰ পুত্ৰ কন্যাৰ সৈতে খেলি থকা অৱস্থাত এটা বল পানীৰ মাজলৈ গুছি যোৱাত বলটো আনিবলৈ বুলি ধনশিৰি বক্ষত যোৱাৰ পাছত নিখোজ হৈ পৰিছিল। নিখোজ হোৱাৰ দিনৰে পৰা SDRF আৰু NDRF দলে উদ্ধাৰ অভিযান চলাই আহিছিল যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল । অৱশেষত আজি পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় বৰুৱাৰ মৃতদেহ।

No comments:

Post a Comment

SPONSORED