“এয়া তেওঁ খুব ভাল খবৰ বুলি কৈছে”-অসুস্থ কবিৰ হৈ অসমবাসীক কৃতজ্ঞতা পত্নীৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

December 8, 2021

“এয়া তেওঁ খুব ভাল খবৰ বুলি কৈছে”-অসুস্থ কবিৰ হৈ অসমবাসীক কৃতজ্ঞতা পত্নীৰ

দেশৰ সাহিত্য জগতৰ সর্বোচ্চ সন্মানেৰে সন্মানিত কৰাৰ পিছত কবি নীলমণি ফুকনৰ হৈ তেওঁৰ পত্নী দুলুমণি ফুকনে সমগ্র অসমবাসীক কৃতজ্ঞতা জ্ঞাপন কৰিছে৷ সম্প্রতি বার্ধক্যজনিত কাৰণত যথেষ্ট অসুস্থ হৈ আছে কবি নীলমণি ফুকন৷ বিশিষ্ট কবিগৰাকীক সম্বর্ধনা জ্ঞাপনৰ বাবে যোৱা শুভাকাংক্ষীৰ শুভকামনা গ্রহণ কৰি তেওঁৰ পত্নী দুলুমণি ফুকনে কয় যে এয়া তেওঁলোকৰ বাবে অত্যন্ত আনন্দৰ খবৰ৷ অৱশ্যে এই আনন্দৰ মাজত কিছু দুখো তেওঁ অনুভৱ কৰিছে বুলি উল্লেখ কৰি সংবাদ মাধ্যমৰ আগত কয়– ‘এয়া নিশ্চয় অত্যন্ত ভাল খবৰ৷ কিন্তু কিছু দুখো অনুভৱ হৈছে৷ কিয়নো কবি ফুকনে এই খবৰৰ আনন্দ অনুধাৱন কৰিব পৰা নাই৷ তেওঁক এই বঁটা ঘোষণা কৰাৰ পিছতে খবৰটো জনাইছোঁ৷ তেওঁ এয়া খুব ভাল খবৰ বুলি কৈছে৷ হয়তো কিছু পলম হ’ল, অলপ সুস্থিৰ হৈ থকাৰ সময়তে তেওঁ এই বঁটা লাভ কৰিলে আনন্দৰ সমভাগী হ’ব পাৰিলেহেঁতেন৷ তেওঁৰ খবৰ ল’বলৈ আমাৰ চোতাল শুভাকাংক্ষীৰে ভৰি পৰিলহেঁতেন৷ সেয়াও আমাৰ বাবে ডাঙৰ আনন্দ৷’

অৱশ্যে জ্ঞানপীঠ বঁটা ঘোষণাৰ পিছতে তেওঁলৈ অসংখ্য অনুৰাগীয়ে ফোনযোগে শুভেচ্ছা জ্ঞাপন কৰিছে বুলি তেওঁ প্রকাশ কৰে৷ ইপিনে, তেওঁৰ কনিষ্ঠ পুত্র অমিতাভ ফুকনেও এই খবৰে তেওঁলোকৰ পৰিয়ালক অত্যন্ত সুখী কৰিছে বুলি মন্তব্য কৰে৷ সংবাদ মাধ্যমৰ আগত ফুকনে কয়– ‘দেউতাৰ সাহিত্যৰাজিলৈ এনেকুৱা স্বীকৃতি প্রদানৰ বাবে আমি অত্যন্ত সুখী৷ অৱশ্যে আমি অলপ দুখ অনুভৱ কৰিছোঁ৷ দেউতাই আজি আনন্দৰ কিমানদূৰ ভাগ ল’ব পাৰিছে নাজানো৷ কিয়নো জীৱনৰ বিয়লি বেলাত শাৰীৰিক–মানসিকভা তেওঁ অসুস্থ৷ কিছুদিন আগতে হয়তো এই বঁটা প্রদান কৰিলে সুস্থ অৱস্থাতে তেওঁ এই আনন্দৰ সমভাগী হ’লহেঁতেন৷ যেতিয়াই দেউতাই কোনো সন্মান লাভ কৰে, তেতিয়া তেওঁক শুভেচ্ছা দিবলৈ আমাৰ ঘৰলৈ বহু লোকৰ আগমনত ঘটে৷ তেতিয়াই দেউতা আনন্দিত হৈ পৰিছিল৷’
ইফালে, এই স্বীকৃতিয়ে কবি নীলমণি ফুকনক আৰু কিছুদিন জীয়াই থকাৰ বাবে শাৰীৰিক–মানসিকভা শক্তি যোগাব বুলিও তেওঁ আশা প্রকাশ কৰে৷

No comments:

Post a Comment

SPONSORED