আজিৰে পৰা ঐতিহাসিক এছেজ শৃংখলা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

December 8, 2021

আজিৰে পৰা ঐতিহাসিক এছেজ শৃংখলা


ঐতিহাসিক এছেজ শৃংখলাৰ পূর্বে মোক্ষম আঘাতৰ সন্মুখীন হৈছে জ’ ৰুট নেতৃত্বাধীন ইংলেণ্ড৷ বুধবাৰৰ পৰা ব্রিছবেনত আৰম্ভ হ’বলগীয়া শৃংখলাৰ প্রথম মেচৰ প্রাকমুহূর্তত আলহী দলটোৰ পৰা বাহিৰ হৈছে তাৰকা বেগী বলাৰ জেমছ এণ্ডাৰছন৷ ভৰিৰ মাংসপেশীৰ আঘাতত ভুগি থকা এণ্ডাৰছনক শৃংখলাৰ পৰৱর্তী মেচসমূহলৈ সুৰক্ষিত কৰি ৰাখিবলৈ ইংলেণ্ডে প্রথম টেষ্টত তেওঁক বিশ্রাম দিয়া বুলি অধিনায়ক জ’ ৰুটে জানিবলৈ দিছে৷ তেওঁৰ অনুপস্থিতিত ক্রিছ ৱকছ, মার্ক উড, অ’লি ৰবিনছন অথবা ষ্টুৱার্ট ব্রডে ইংলেণ্ডৰ বেগী বলিং আক্রমণৰ নেতৃত্ব দিব৷ দলটোৰ তাৰকা বেগী বলাৰ জ’ফ্রা আর্চাৰ আঘাতৰ বাবে ইতিমধ্যে দলৰ বাহিৰত আছে৷ স্পিনাৰ জেক লিছ আৰু অলৰাউণ্ডাৰ বেন ষ্ট’কছো মূল একাদশত অন্তর্ভুক্ত হোৱাৰ সম্ভাৱনা আছে৷ জুলাইৰ পৰা ষ্ট’কছে আন্তঃৰাষ্ট্রীয় ক্রিকেট খেলা নাই৷
ইফালে, টিম পেইনৰ অনুপস্থিতিত অষ্ট্রেলিয়া দলৰ নেতৃত্বৰ দায়িত্ব লাভ কৰা তাৰকা বেগী বলাৰ পেট কামিনছে এছেজ শৃংখলাৰ পূর্বে কয় যে ঘৰৰ মাটিত অষ্ট্রেলিয়াক পৰাস্ত কৰাটো ইংলেণ্ডৰ বাবে সহজ নহ’ব৷

No comments:

Post a Comment

SPONSORED