অসম লেখিকা সংস্থাৰ সপ্তদশ-অষ্টদশ ৰাজ্যিক দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

December 27, 2021

অসম লেখিকা সংস্থাৰ সপ্তদশ-অষ্টদশ ৰাজ্যিক দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন

গুৱাহাটী : অসম লেখিকা সংস্থাৰ সপ্তদশ-অষ্টদশ ৰাজ্যিক দ্বি-বাৰ্ষিক অধিৱেশনখনি গুৱাহাটী মহানগৰীৰ চানমাৰীস্থিত পণ্ডিত তীৰ্থনাথ শৰ্মা সভাগৃহত দুদিনীয়া বিস্তীৰ্ণ কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়৷ শনিবাৰে প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি প্ৰতিনিধি আৰু বিষয় বাছনি সভাত নতুন সমিতি গঠন হয়৷ নতুন সমিতিখনৰ সভানেত্ৰী হিচাপে মৃদুলা শৰ্মা আৰু প্ৰধান সম্পাদিকা হিচাপে বিজয়া দেৱ দাস নিৰ্বাচিত হয়৷ 


দেওবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি অনুষ্ঠিত হয় মুকলি সভা৷ মুকলি সভাৰ পূৰ্বে সভানেত্ৰী মঞ্জুলা শৰ্মা ভট্টাচাৰ্যই পতাকা উত্তোলন কৰে৷ কেইবাগৰাকী প্ৰাক্তন সভানেত্ৰীয়ে স্মৃতি তৰ্পণ কৰাৰ পিছতেই অনুষ্ঠিত হয় মুকলি সভা৷ মুকলি সভা উদ্বোধন কৰে সত্ৰীয় সংস্কৃতিৰ বিশিষ্ট গৱেষক তথা অসম লেখিকা সংস্থাৰ প্ৰথমগৰাকী আদৰ্শ মাতৃ বঁটা প্ৰাপক ডঃ নিৰুপমা মহন্ত৷ এই অনুষ্ঠানতেই সংস্থাৰ মুখপত্ৰ সুচেতনা, তিনিমহীয়া পত্ৰিকা অৰ্ধআকাশসহ ভালেকেইখন গ্ৰন্থ উন্মোচন কৰা হয়৷ ইয়াৰোপৰি উক্ত অনুষ্ঠানতেই ডঃ অঞ্জলি শৰ্মা, দিপ্তীময়ী বুঢ়াগোহাই গগৈ, ডঃ সুচিত্ৰা কাকতি, চৈয়দা নুৰজাহান, তোষেশ্বৰী নেওগ ফুকন, ৰেণু দত্ত বৰুৱা, কিৰণ বৰা শইকীয়াক জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰা হয়৷  উক্ত অনুষ্ঠানত যশস্বী সাহিত্যিক ডঃ গোবিন্দ প্ৰসাদ শৰ্মা, অসম সাহিত্য সবাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱী আৰু বিশিষ্ট লেখিকা ডঃ মধুৰীমা বৰুৱা, বিশিষ্ট ৰবি মীৰা ঠাকুৰ আদি কৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে৷

আনহাতে এই অনুষ্ঠানতেই দ্বি-বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি আয়োজন কৰা বিভিন্ন সাহিত্য প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰে৷ শেষত জাতীয় সংগীত পৰিৱেশন কৰি মুকলি সভাৰ অন্ত পেলোৱাৰ লগতে পতাকা সম্বৰণ কৰি অসম লেখিকা সংস্থাৰ সপ্তদশ-অষ্টদশ দ্বি-বাৰ্ষিক অধিৱেশনৰ সফলতাৰে সমাপ্ত কৰে৷

No comments:

Post a Comment

SPONSORED