জালুকবাৰীত আছাম ইন নামৰ ল’জ মুকলি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

December 27, 2021

জালুকবাৰীত আছাম ইন নামৰ ল’জ মুকলি


গুৱাহাটী : থকা-খোৱাৰ সম্পূৰ্ণ সু-ব্যৱস্থাৰে জালুকবাৰীত গঢ় লৈ উঠিল আছাম ইন নামৰ ল’জ৷ জালুকবাৰীৰ পৰা বকো-ছয়গাঁও অভিমুখী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিতে তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিচেই কাষতে অৱস্থিত আছাম ইন নামৰ ল’জ দেওবাৰে মুকলি কৰা হয়৷ ফিতা কাটি আছাম ইনৰ দ্বাৰ মুকলি কৰে জনপ্ৰিয় অভিনেত্ৰী কল্পনা কলিতাই৷ অভিনেত্ৰীগৰাকীক সংগ দিয়ে ৰাজ্যসভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা আৰু বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস৷ ইপিনে আছাম ইন নামৰ লজখন মুকলি হোৱাত নিজৰ এটি সপোন পূৰণ হ’ল বুলি উল্লেখ কৰাৰ লগতে সকলোৰে সহায়-সহযোগিতা কামনা কৰিলে ল’জখনৰ পৰিচালিকা মৰ্জিনা হক৷ তেওঁ বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰণিবটীয়া ছাত্ৰ-ছাত্ৰী তথা তেওঁলোকৰ অবিভাৱকসকলৰ বাবে এই ল’জখন বিশেষভাৱে সহায়ক হ’ব বুলিও আশা প্ৰকাশ কৰে৷

No comments:

Post a Comment

SPONSORED