চৰাইদেউত ৯ জানুৱাৰীত সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ পঞ্চম বার্ষিক কেন্দ্রীয় প্রতিষ্ঠা দিবস - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 5, 2022

চৰাইদেউত ৯ জানুৱাৰীত সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ পঞ্চম বার্ষিক কেন্দ্রীয় প্রতিষ্ঠা দিবস

চৰাইদেউঃ ৰাজ্যৰ আপােচবিহীন অ-ৰাজনৈতিক সংগঠন তথা অসমৰ জনসাধাৰণৰ স্বাৰ্থত জন্ম লগ্নৰে পৰা মাত-মাতি অহা  সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ পঞ্চম বার্ষিক কেন্দ্রীয় প্রতিষ্ঠা দিবস অহা ৯ জানুৱাৰী ২০২২ তাৰিখ দেওবাৰে চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযােগত মথুৰাপুৰ উচ্চতৰ মাধ্যমিক  বিদ্যালয় প্রেক্ষাগৃহত উদযাপন কৰিবলৈ লােৱা হৈছে।


উক্ত প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্রথম বাৰৰ বাবে চৰাইদেউ জিলাৰ সমাজ গৌৰৱ বঁটা' যুৱ সাংবাদিক তথা সমাজকর্মী প্রণৱ বৰগােহাঁইক প্রদান কৰা হ'ব বুলি সংগঠনটোৱে জানিবলৈ দিছে৷  কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা পতাকা উত্তোলন কৰিব সংগঠনটোৰ কেন্দ্রীয় সভাপতি ৰমেন চৌধুৰীৱে। ছহিদ তর্পণ কৰিব সম্পাদক সন্দীপ প্রসাদ নেওঁগে। ইয়াৰ পিচতে দুপৰীয়া মুকলি সভা, বিশেষ সম্বর্ধনা প্রদান অনুষ্ঠান অনুষ্ঠিত হ'ব। মুকলি সভাত সংগঠনটোৰ কেইবাজনাে প্রতিনিধিৰ লগতে শিক্ষাবিদ আৰু বহুকেইজন গণ্যমান্য লােকে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।উক্ত অনুষ্ঠানটিত সকলােৰে উপস্থিতি ঐকান্তিকতাৰে কামনা কৰাৰ লগতে অনুষ্ঠানটি  সাফল্যমণ্ডিত কৰি তুলিবলৈ উদ্যোক্তাই অনুৰােধ জনাইছে।

No comments:

Post a Comment

SPONSORED