শিলাপাটনি গাঁৱত ‘ৰমেজুদ্দিন আহমেদ পুথিভঁৰাল’ নামেৰে এখৱ পুথিভৰাল উদ্বোধন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, March 01, 2022

শিলাপাটনি গাঁৱত ‘ৰমেজুদ্দিন আহমেদ পুথিভঁৰাল’ নামেৰে এখৱ পুথিভৰাল উদ্বোধন

· লেখিকা ৰমিছা বেগমৰ এক অনন্য প্ৰয়াস
· পিতৃৰ স্মৃতি যুগমীয়া কৰাৰ বাবে নিজৰ জন্মস্থানত উদ্বোধন কৰিলে এখন পুথিভঁৰালৰ৷
· নাম ৰমেজুদ্দিন আহমেদ পুথিভৰাল


পিতৃৰ স্মৃতি যুগমীয়া কৰাৰ বাবে লেখিকা ৰমিছা বেগমে তেওঁৰ জন্মস্থান বজালী জিলাৰ শিলাপাটনি গাঁৱত ‘ৰমেজুদ্দিন আহমেদ পুথিভঁৰাল’ নামেৰে এখৱ পুথিভৰাল উদ্বোধন কৰে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক আব্দুল মান্নান ফিতা কাটি পুথিভৰালৰ উন্মোচন কৰাৰ লগতে অনুষ্ঠানত মুখ্য অতিথি হিচাপে্ উপস্থিত থাকে বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন। ইয়াৰোপৰি উক্ত অনুষ্ঠানত উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় সাহিত্য গোষ্ঠীৰ সাধাৰণ সম্পাদক ডাঃ মাণিক লাল ভৌমিক, ছাবলাইমৰ মুখ্য পৃষ্ঠপোষক অধ্যাপক ডঃ দেৱান নজৰুল কাদিৰ, কঠালমূৰী ঘাট হাইস্কুলৰ প্ৰধান শিক্ষক গিৰীণ পাটগিৰি, শিক্ষক কমল কলিতা, গৰলা হাই স্কুলৰ প্ৰধান শিক্ষক আব্দুল আৱাল, মন্দিয়া হায়াৰ চেকেণ্ডাৰীৰ প্ৰধান শিক্ষক আখতাৰ হুছেইন, আব্দুল হালিম আহমেদ, উদয় পাটগিৰি, ডঃ চুলতান আলী আহমেদ, বিপুল শৰ্মাকে আদি কৰি ভালে সংখ্যক গণ্য মান্য ব্যক্তি৷ উল্লেখ্য যে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলেও ৰমিছা বেগমৰ পিতৃৰ নামত থকা ৰমেজুদ্দিন আহমেদ পুথিভঁৰাল সন্দৰ্ভত ডঃ অমৰ জ্যোতি চৌধুৰী, অজিত কুমাৰ ভূঞা, প্ৰশান্ত ৰাজগুৰু, হৃষীকেশ গোস্বামী, অনুপ চেতিয়াৰ দৰে বৰেণ্য লোকে শুভেচ্ছা বাণী আগবঢ়ায়৷ উল্লেখ্য যে ২০১৪ত জুয়ে পোৱা এই অঞ্চলটিত শৈক্ষিক আৰু বৌদ্ধিক বিকাশৰ লক্ষ্যৰে চলোৱা ৰমিছা বেগমৰ এনে প্ৰয়াসে অঞ্চলবাসীয়ে গৌৰৱ অনুভৱ কৰে৷

No comments:

Post a Comment

SPONSORED