দক্ষিণগাঁও কনকলতা পথ উন্নয়ন আৰু কল্যান সমিতিৰ উদ্যোগত চাফাই কাৰ্যসূচী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 26, 2022

দক্ষিণগাঁও কনকলতা পথ উন্নয়ন আৰু কল্যান সমিতিৰ উদ্যোগত চাফাই কাৰ্যসূচী

গুৱাহাটী : স্বচ্ছ ভাৰত অভিযানৰ লগত সংগতিৰ ৰাখি শনিবাৰে গুৱাহাটী মহানগৰীৰ দক্ষিণগাঁও কনকলতা পথ উন্নয়ন আৰু কল্যান সমিতিয়ে চাফাই কাৰ্যসূচী অনুষ্ঠিত কৰে৷

   

 অৱসৰপ্ৰাপ্ত বিষয়া প্ৰমোদ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই কাৰ্যসূচীত এন ই এফ আইন মহাবিদ্যালয়ৰ অধ্যক্ষ তথা দৈনিক গণ অধিকাৰ কাকতৰ সম্পাদক ডঃ জাকিৰ হুছেইন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰবী বিভাগৰ মূৰব্বী অধ্যাপক ডঃ আবুবাক্কাৰ ছিদ্দিক, সমাজকৰ্মী দেৱেন ইনজাল, দক্ষিণগাঁও বুঢ়া জামে মছজিদ পৰিচালনা সমিতিৰ সভাপতি নুৰ আলী, সম্পাদক কামৰুল ইছলামে উপস্থিত থাকি স্বচ্ছতাৰ প্ৰয়োজনীতা আৰু অঞ্চলটোৰ ভৱিষ্যৎ উন্নয়ন সন্দৰ্ভত বিস্তৃত ভাষণ প্ৰদান কৰে৷ দক্ষিণগাঁও কনকলতা পথ উন্নয়ন আৰু কল্যান সমিতিৰ সম্পাদক নুৰুল ইছলামে আঁত ধৰা অনুষ্ঠানটিৰ অন্তত কনকলতা পথৰ দুয়োকাষে হাতে হাতে ঝাড়ু লৈ চাফাই অভিযানত নামি পৰে৷ উল্লেখ্য যে যৌশন আলীক সভাপতি, মিজানুৰ ৰহমানক সহকাৰী সম্পাদক হিচাপে লৈ অঞ্চলটোৰ সামগ্ৰিক দিশত সেৱা আগবঢ়োৱাৰ উদ্দেশ্যৰে গঠিত হোৱা দক্ষিণগাঁও কনকলতা পথ উন্নয়ন আৰু কল্যান সমিতিৰ এয়া প্ৰথমটো কাৰ্যসূচী আৰু অনাগত দিনতো এনে স্বেচ্ছামূলক সেৱা আগবঢ়াই যাব বুলি সমিতিৰ বিষয়ববীয়াসকলে মত পোষণ কৰে৷ ইপিনে অঞ্চলবাসীৰ লগতে উপস্থিত বিশিষ্ট ব্যক্তিসকলে দক্ষিণগাঁও কনকলতা পথ উন্নয়ন আৰু কল্যান সমিতিৰ এই কাৰ্যসূচীৰ শলাগ লয়৷

No comments:

Post a Comment

SPONSORED