ABACUS- ভেটাপাৰা এবাকাছ চেণ্টাৰৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস সম্পন্ন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 31, 2022

ABACUS- ভেটাপাৰা এবাকাছ চেণ্টাৰৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস সম্পন্ন


গুৱাহাটী : ধৈৰ্য, চেষ্টা আৰু প্ৰৱল ইচ্ছা শক্তিয়ে যে মানুহৰ জীৱনলৈ সফলতা আনিব পাৰে তাকেই যেন আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱালে জিতু ডেকা আৰু জিপি বৰা নামৰ দম্পত্তীহালে৷ ২০১৮ চনত মাত্ৰ এজন ছাত্ৰৰে গুৱাহাটীৰ ভেটাপাৰা অঞ্চলত আৰম্ভ কৰা এবাকাছ চেণ্টাৰটোত বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰায় দুশগৰাকী৷ এবাকাছৰ কৌশলে শিশুসকলক পঢ়া-শুনা, মনযোগ আদি কৰি সকলো দিশতে মন-মগজু সক্ৰিয় কৰি তোলে৷ তাৰোপৰি গণিতক সহজ কৰি তুলিবলৈ কৰা প্ৰয়াসে কোমলীয়া ছাত্ৰ-ছাত্ৰীক গণিতৰ প্ৰতি থকা ভয় দূৰ কৰাতো সক্ষম হৈছে৷


ভেটাপাৰা এবাকাছ চেণ্টাৰৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস যোৱা ২৯ মে’ত ভেটাপাৰা দুৰ্গা মন্দিৰ প্ৰাঙ্গনত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়৷ উক্ত অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি ‘প্ৰিয় বন্ধু’ৰ প্ৰতিষ্ঠাপক অৰ্চনা বৰঠাকুৰে শিশুৰ বিকাশত পৰিৱেশ আৰু অভিভাৱকৰ দায়িত্বৰ প্ৰতি গুৰুত্ব আৰোপ কৰি নিজৰ মন্তব্য প্ৰকাশ কৰে৷ অনুষ্ঠানটিৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা বিভিন্ন গীত-নৃত্যই উপস্থিত লোকক আপ্লুত কৰি তোলে৷ ভেটাপাৰা এবাকাছ চেণ্টাৰে বৰ্তমান জু-ৰোড, বশিষ্ঠ, মৰিগাঁৱৰ লগতে অসমৰ বিভিন্ন ঠাইলৈ নিজৰ শাখা আগবঢ়াইছে৷ অনলাইন আৰু অফলাইন দুয়ো মাধ্যমতে শিক্ষা গ্ৰহণৰ সুবিধা থকা এই চেণ্টাৰে ভৱিষ্যৎ প্ৰজন্মৰ শিশুসকলৰ মানসিক বিকাশত অৰিহণা যোগাব পাৰিব বুলি সকলোৱে আশাবাদী৷

No comments:

Post a Comment

SPONSORED