Amit Shah- লোকপিয়ল সঞ্চালকালয়, অসমৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 9, 2022

Amit Shah- লোকপিয়ল সঞ্চালকালয়, অসমৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে

দেশত চলিবলগীয়া ডিজিটেল লোকপিয়ল সফল কৰাত অসমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব : মুখ্যমন্ত্ৰী

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কামৰূপ জিলাৰ আমিনগাঁৱত নিৰ্মাণ কৰা লোকপিয়ল সঞ্চালকালয়, অসমৰ নতুন ভৱনৰ উদ্বোধন কৰে৷ এই সঞ্চালকালয় ভৱনটো ৩১.১৫ কোটি টকা ব্যয়ৰে তিনি বছৰৰ ভিতৰত নিৰ্মাণ কৰি তোলা হৈছে৷ সকলো অত্যাধুনিক সা-সুবিধা উপলব্ধ থকা আমিনগাঁৱৰ লোকপিয়ল সঞ্চালকালয়ৰ নৱনিৰ্মিত ভৱনত ৮১ টা ‘ৱৰ্ক ষ্টেশ্যন’ৰ সৈতে ডাটা চেণ্টাৰ, আধুনিক সৰ?ামৰ সৈতে মানচিত্ৰ শাখা, ৫০ খন আসন সম্বলিত সভাগৃহ, ভিডিঅ’ কনফাৰেন্স কোঠাকে ধৰি বিভিন্ন কাৰিকৰী আৰু অন্যান্য শাখাৰ সুবিধা হোৱাকৈ ব্যৱস্থা কৰা হৈছে৷


কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে ভাৰতৰ মহাপ?ীয়কৰ কাৰ্যালয়ৰ নতুন ৰূপত গঢ়ি তোলা www.censusindia.gov.in নামৰ এটা ৱেবছাইটৰ লগতে ‘লেংগুৱেজ এটলাচ্‌’ আৰু ইয়াৰ ই-সংস্কৰণো এই অনুষ্ঠানতে মুকলি কৰে৷

এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই গুৱাহাটীত লোকপিয়ল সঞ্চালকালয়ৰ এই নতুন ভৱন নিৰ্মাণ হৈ উঠাৰ দিশত লোৱা বিশেষ উদ্যোগৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জনায় আৰু কয় যে এই নতুন ভৱনে প্ৰতি দহ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা জনসংখ্যা পিয়লৰ সফলতাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব৷ মুখ্যমন্ত্ৰীয়ে কয় যে জনসংখ্যা পিয়লে এক নিৰ্দিষ্ট ভূ-খণ্ড আৰু ইয়াৰ জনসংখ্যা সম্পৰ্কে বহু গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰে যিসমূহে পৰিকল্পনা প্ৰস্তুতৰ ক্ষেত্ৰত মূল্যৱান উপাদান হিচাপে কাম কৰে৷ এখন দেশৰ জনসাধাৰণৰ কল্যাণৰ বাবে বিভিন্ন নীতি আৰু আঁচনি প্ৰস্তুত কৰাত লোকপিয়লৰ তথ্য সমূহ অপৰিহাৰ্য৷ তেওঁ লগতে কয় যে ডিজিটেল সা-সুবিধাৰে সমৃদ্ধ এই নতুন ভৱনে দেশত প্ৰথমবাৰৰ বাবে ডিজিটেল মাধ্যমেৰে চলিবলগীয়া জনসংখ্যা পিয়ল সফল কৰাত যথেষ্ট সহায়ক হ’ব৷


মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ লগতে ছিি!ম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ‘ডাটা চেণ্টাৰ’ তথা ‘ষ্টৰেজ কাম স্কেনিং চেণ্টাৰ’ হিচাপে কাম কৰা বাবে লোকপিয়ল সঞ্চালকালয়, অসমৰ গুৰুত্ব যথেষ্ট অধিক৷ উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যত সংগ্ৰহ কৰা তথ্য বিশ্লেষণ আৰু প্ৰক্ৰিয়াকৰণৰ বাবে গুৱাহাটী ডাটা চেণ্টাৰলৈ যিহেতু অনা হয় সেয়েহে জনসংখ্যা পিয়ল সফল কৰাত এই লোকপিয়ল সঞ্চালকালয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব৷ মুখ্যমন্ত্ৰীয়ে লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত নতুন গতি দিয়াৰ ক্ষেত্ৰত লোৱা বিশেষ ভূমিকাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক ধন্যবাদ :াপন কৰে৷


মহাপ?ীয়ক তথা লোকপিয়ল আয়ুক্ত বিবেক যোশীয়ে আদৰণী ভাষণ প্ৰদান কৰা এই কাৰ্যসূচীত অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, গুৱাহাটীৰ সাংসদ কুইন ওজা, কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লা আৰু সশস্ত্ৰ সীমা বলৰ সঞ্চালক প্ৰধান স?য় আৰোৰাও উপস্থিত থাকে৷

No comments:

Post a Comment

SPONSORED