Sedition Law paused : কেন্দ্ৰই পুনৰ বিবেচনা নকৰালৈকে দেশদ্ৰোহ আইন স্থগিত, উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক নিৰ্দেশ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 11, 2022

Sedition Law paused : কেন্দ্ৰই পুনৰ বিবেচনা নকৰালৈকে দেশদ্ৰোহ আইন স্থগিত, উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক নিৰ্দেশ

উচ্চতম ন্যায়ালয়ত মুখ থেকেচা খালে কেন্দ্ৰই



দেশদ্ৰোহৰ গোচৰত ইজনৰ পিছত সিজনকৈ লোকক জেলত বন্দী কৰি শাস্তি প্ৰদান কৰাৰ সময়তে দেশৰ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে গুৰুত্বপূৰ্ণ নিৰ্দেশনা৷

এতিয়াৰে পৰা এই আইন প্ৰয়োগ কৰি কাকো কৰিব নোৱাৰিব গ্ৰেপ্তাৰ।

কেন্দ্ৰীয় চৰকাৰে ব্ৰিটিছ যুগৰ দেশদ্ৰোহৰ আইনৰ পৰ্যালোচনা সম্পূৰ্ণ নকৰালৈকো কাকো কৰিব নোৱাৰিব গ্ৰেপ্তাৰ৷  

ইতিমধ্যে কাৰ্যকৰী হোৱাকৈ দেশদ্ৰোহ আইনৰ প্ৰয়োগ স্থগিত কৰা হৈছে। 

মুখ্য ন্যায়াধীশৰ খণ্ড বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰে ব্ৰিটিছ সময়ছোৱাত প্ৰস্তুত কৰা আইনখন পুনৰ বিবেচনা নকৰালৈকে আইনখনৰ কাৰ্যকৰীকৰণ স্থগিত থাকিব বুলি নিৰ্দেশ দিয়ে। দেশৰ শীৰ্ষ ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে এই আইনৰ অধীনত নতুনকৈ কোনো লোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব। 

এই আইন প্ৰয়োগ কৰি ইতিমধ্যে চলি থকা সকলো গোচৰ স্থগিত হৈ থাকিব। 

এই আইনৰ অধীনত বন্দীহৈ থকা লোকসকলে জামিনৰ বাবে আবেদন কৰিব পাৰে।

No comments:

Post a Comment

SPONSORED