হিন্দুসকলক সংখ্যালঘুৰ মৰ্যাদা দিয়াৰ বিষয়ে
পুনৰ বিবেচনা কৰিব, মোডী চৰকাৰে জনালে উচ্চতম ন্যায়ালয়ক
হিন্দুসকলক সংখ্যালঘুৰ মৰ্যাদা দিয়াৰ বিষয়ে
কেন্দ্ৰই ৰাজ্যসমূহৰ সৈতে আলোচনা কৰিব বুলি উচ্চতম ন্যায়ালয়ক জনায়৷ হিন্দু সম্প্ৰদায়ৰ
লোক তুলনামূলক ভাবে কম থকা ৰাজ্য সমূহৰ লগত কেন্দ্ৰই আলোচনা কৰিব বুলি জানিবলৈ
দিয়ে৷
উদাহৰণ
স্বৰূপে, ২০১৬ চনত, মহাৰাষ্ট্ৰ চৰকাৰে ইহুদীসকলক সংখ্যালঘুৰ মৰ্যাদা প্ৰদানকৰাৰ ওপৰত
আলোকপাত কৰিছিল। নতুন শপতনামাত কেন্দ্ৰই কৈছিল যে যদিও সংখ্যালঘু প্ৰকাশৰ বিষয়টো কেন্দ্ৰৰ
হাতত আছে।
ইয়াৰ
পূৰ্বে, বিজেপি নেতা-তথা-অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ে উচ্চতম ন্যায়ালয়ত প্ৰতিখন
ৰাজ্যৰ জনসংখ্যাৰ ভিত্তিত ধৰ্মীয় সংখ্যালঘুৰ শ্ৰেণীবিভাজন কৰিবলৈ বিচাৰি এখন শপতনামা
দাখিল কৰিছিল। ৰাষ্ট্ৰীয় সংখ্যালঘু শিক্ষা নুষ্ঠান আয়োগ (এনচিএমইআই) আইন ২০০৪ৰ ধাৰা
২(এফ)ৰ বৈধতাক প্ৰত্যাহ্বান জনাই গোচৰটো দাখিল কৰা হৈছিল। এই ধাৰা অনুসৰি, দেশখনত মুছলমান,
খ্ৰীষ্টান, শিখ, বৌদ্ধ আৰু পাৰ্চীসকলক সংখ্যালঘুৰ মৰ্যাদা দিয়া হয়। কিন্তু আবেদনকাৰীয়ে
দাবী কৰিছে যে দেশৰ নখন ৰাজ্যত হিন্দুসকলও সংখ্যালঘু।
No comments:
Post a Comment