Sania Mirza: ছানিয়া মিৰ্জাই ইউএছ অপেন খেলিয়ে ল’ব অৱসৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, May 11, 2022

Sania Mirza: ছানিয়া মিৰ্জাই ইউএছ অপেন খেলিয়ে ল’ব অৱসৰ




ছয়টা গ্ৰেণ্ড শ্লেমৰ অধিকাৰী ছানিয়া মিৰ্জা বৰ্তমান ফ্ৰেঞ্চ অপেনৰ বাবে প্ৰস্তুতি চলাই ৰোমত বাহৰ পাতি আছে। তাৰ পৰা তেওঁ অৱসৰৰ সিদ্ধান্তৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে।

ছানিয়া মিৰ্জাই সম্ভৱতঃ এই বছৰৰ ইউএছ অপেনৰ পিছত টেনিছক বিদায় জনাব। ছানিয়াই এতিয়ালৈকে এনেদৰেই পৰিকল্পনা কৰিছে বুলি জানিব পৰা গৈছে।


বৰ্তমান তেওঁ ৰোমৰ ক্লে-ক'ৰ্টত ইটালিয়ান অপেন খেলি আছে। ছানিয়াৰ যুটিটো হৈছে লুচি ৰাদেকাহৰ সৈতে। সোমবাৰে প্ৰথম ৰাউণ্ডত ছানিয়া-ৰাদেকাৰ যুটিয়ে পোলেণ্ডৰ এলিছায়া ৰোচোলস্কা আৰু নিউজিলেণ্ডৰ এৰিন ৰুটলিফৰ যুটিটোক ৬-১, ৬-২ ত পৰাজিত কৰে। উল্লেখ্য যে ছানিয়াই এলিনা ৰিবাকিনা-লিউডমিলা চেমচোভাৰ যুটিৰ সৈতে প্ৰাক-কোৱাৰ্টাৰত খেলিব লাগিব।



No comments:

Post a Comment

SPONSORED