দিন-হাজিৰা কৰা লোকৰ এমাহৰ বিদ্যুৎ বিল আহিল ৩ লাখ ৯০ হাজাৰ টকা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 9, 2022

দিন-হাজিৰা কৰা লোকৰ এমাহৰ বিদ্যুৎ বিল আহিল ৩ লাখ ৯০ হাজাৰ টকা


ধন্য বিদ্যুৎ বিভাগ, ধন্য বিদ্যুৎ বিভাগৰ কৰ্মচাৰী….৷ এইবাৰ বিভাগৰ গাফিলতিৰ চৰম নিদৰ্শন দাঙি ধৰিলে কামৰূপ জিলাৰ বাইহাটা চাৰি আলিত৷এইবাৰ এগৰাকী দিন-হাজিৰা কৰা লোকৰ এমাহৰ বিদ্যুৎ বিল আহিল ৩ লাখ ৯০ হাজাৰ টকা৷ কামৰূপ জিলাৰ বাইহাটা চাৰিআলি বিদ্যুৎ উপসংমণ্ডলে সংঘটিত কৰিলে এই আজব কাণ্ড৷ উপ সংমণ্ডলটোৰ অন্তৰ্গত পাত্ৰপুৰ গাঁৱৰ প্ৰদীপ ডেকা নামৰ দিন মজুৰি কৰা লোক জনক বিভাগটোৱে প্ৰদান কৰিলে এই অবিশ্বাস্য বিদ্যুৎ বিল৷ ঘৰত ফ্ৰিজ, মটৰ আদি একো নথকা মজদুৰজনক বিভাগটোৱে ৩ লাখ ৯০ হাজাৰ টকাৰ বিদ্যুৎ বিল প্ৰদান কৰাত বিমোৰত পৰিছে মজদুৰ প্ৰদীপ ডেকা৷ বিভাগটোৰ মিটাৰ ৰিডিং সংগ্ৰহ কৰা কৰ্মচাৰীৰ চৰম গাফিলতিৰ বাবে এনে ঘটনা সংঘটিত হৈছে বুলি মত ব্যক্ত কৰিছে সচেতন লোকে৷ দিন হাজিৰা কৰি কোনো মতে ঘৰখন চলোৱা প্ৰদীপ ডেকাৰ নিদ্ৰা হৰণ কৰা এনে অবিবেচক কাণ্ডৰ পিছত বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ’ব লক্ষণীয়৷

No comments:

Post a Comment

SPONSORED