E-Shram Card | সাৱধান- শ্ৰমকাৰ্ড বনোৱাৰ নামত টীপ চহী দিছে নেকি? - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, June 08, 2022

E-Shram Card | সাৱধান- শ্ৰমকাৰ্ড বনোৱাৰ নামত টীপ চহী দিছে নেকি?

· সাৱধান- শ্ৰমকাৰ্ড বনোৱাৰ নামত টীপ চহী দিছে নেকি?
· নগাঁৱৰ কামপুৰৰ বুটিকুৰাত উত্তেজনা
· এটি শিশুৰ মৃত্যক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনা।


উষা বৰদলৈ নামৰ ১১ বছৰীয়া শিশু জি এম চি এইচত হোৱা মৃত্যুক লৈ সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশৰ৷ উষা বৰদলৈৰ পিতৃ মিলন বৰদলৈয়ে মহাৰাষ্ট্ৰৰ পৰা পত্নীৰ একাউন্টত নিজ কন্যাৰ চিকিৎসাৰ বাবে পঠাইছিল টকা। কিন্তু বুটিকুৰাৰ পংকজ বৰদলৈ নামৰ এজন যুৱকে মিলন বৰদলৈৰ পত্নীৰ পৰা শ্ৰমিক কাৰ্ড বনোৱাৰ নামত টিপ চহী কৰাৰ পাছত একাউন্টৰ পৰা ধন নোহোৱা হয়। টকাৰ অভাৱত চিকিৎসা কৰিব নোৱাৰাত শিশুটিয়ে কৰুণ মৃত্যুক সাৱতি লয়। বুন্দুৰাৰাৰ উত্তেজিত ৰাইজে শিশুটিৰ মৃতদেহ লৈ অভিযুক্তৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। পাছত আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

উল্লেখ যোগ্য যে গাঁও খনৰ বহু পুৰুষ মহিলাই পংকজ বৰদলৈৰ ওচৰত শ্ৰমিক কাৰ্ড বনোৱাৰ নামত টিপ চহী দিয়াৰ পাছতেই সকলো জমা ধন নোহোৱা হয়। ঘটনাৰ অভিযুক্ত পংকজ বৰদলৈ বৰ্তমান পলাতক।

No comments:

Post a Comment

SPONSORED