বাহঁবাৰী হাইস্কুলৰ চমকপ্ৰদ সাফল্য, ফাতেমাবাদ চাহবাগিচাত সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান৷ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 10, 2022

বাহঁবাৰী হাইস্কুলৰ চমকপ্ৰদ সাফল্য, ফাতেমাবাদ চাহবাগিচাত সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান৷




সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে জালাহ শিক্ষা খণ্ডৰ অন্তৰ্গত বাহবাৰী হাইস্কুললৈ কঢ়িয়াই আনিছে আশাৰ বতৰা৷ বিদ্যালয়খনৰ পৰা সৰ্বমুঠ ১৪৩ গৰাকী ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল তাৰে ৩২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত  উৰ্ত্তীণ হয়। লগতে এজনে ডিষ্টিংশ্বন নম্বৰ লাভ কৰাৰ সমান্তৰালকৈ  চাৰি গৰাকী ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়৷ ছাত্ৰ-ছাত্ৰীসকলৰ এনে সাফল্যত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে উৎফুল্লিত হৈ পৰে৷ ফলত বিদ্যালয়খনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক বিদ্যালয় কৰ্তৃপক্ষই এখনকৈ ফুলাম গামোচা আৰু এখন কৈ কিতাপেৰে  সম্বৰ্ধনা জ্ঞাপন কৰে। 


ইফালে বাঁহবাৰীস্থিত ফাতেমাবাদ চাহ বাগিছাত আয়োজন কৰা হয় বিশেষ সম্বৰ্ধনা অনুষ্ঠান৷ বাগিছাখনৰ স্বত্তাধিকাৰ ৰাজেশ জালানৰ নেতৃত্বত বাগিচা পৰিচালনা সমিতিৰ উদ্যোগত আয়োজন কৰা হয় এই সম্বৰ্ধনা অনুষ্ঠান। 

উক্ত সম্বৰ্ধনা অনুষ্ঠান ৰাজেশ জালানে চাহ শ্ৰমিক সকলৰ পৰিয়ালৰ পৰা উত্তীৰ্ণ হোৱা ৭ গৰাকী ছাত্ৰ ছাত্ৰীক কিতাপ, বহী ক্ৰয় কৰাৰ বাবদ ১ হেজাৰ টকাকৈ নগদ ধন আগবঢ়ায়।

উক্ত সম্বৰ্ধনা অনুষ্ঠানত বাগিচাখনৰ চিকিৎসালয়ৰ চিকিৎসক ড০ আহমেদ আলী, মফিজ উদ্দিন, প্ৰবিন নায়ক, আছাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মানচুখ চানখাৰীকা‌ আৰু আছু নেতা প্ৰাঞ্জল দাসে৷


বৰপেটাৰোডৰপৰা নজৰুল আলী আহমেদৰ ৰিপোৰ্ট

No comments:

Post a Comment

SPONSORED