প্ৰতি কুইন্টল ধানৰ ন্যূনতম সমৰ্থিত মূল্য ২০৪০ টকালৈ বৃদ্ধি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 10, 2022

প্ৰতি কুইন্টল ধানৰ ন্যূনতম সমৰ্থিত মূল্য ২০৪০ টকালৈ বৃদ্ধি


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বিত্তীয় বৰ্ষ ২০২২-২৩ ৰ বাবে প্ৰতি কুইন্টল ধানৰ ন্যূনতম সমৰ্থিত মূল্য (MSP) ২০৪০ টকা নিৰ্ধাৰণ কৰিছে৷ যিটো পূৰ্বতে ২০২১-২২ বিত্তীয় বৰ্ষত ১৯৪০ টকা আছিল৷
উল্লেখ্য যে, বিগত বৰ্ষটোত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ লগতে এফচিআই, নাবাৰ্ডকে আদি কৰি বিভিন্ন প্ৰতিষ্ঠানে মুঠ ৩৪৭৭৪৩ মেট্ৰিক টন ধান ক্ৰয় কৰে আৰু এই প্ৰক্ৰিয়াটোত মুঠ ৩৫৬৬২ গৰাকী কৃষক উপকৃত হয়৷
আগতে কৃষক সকলে প্ৰতি কুইন্টল ধান ১১০০-১২০০ টকাত বিক্ৰী কৰি থকাৰ অভিযোগৰ বিপৰীতে যোৱা বিত্তীয় বৰ্ষত প্ৰতি কুইন্টল ধানত ১৯৪০ টকা দৰত বিক্ৰী কৰে৷ যাৰফলত মুঠ ৭৪০ টকাকৈ প্ৰতি কুইন্টল ধানত কৃষক ৰাইজে লাভ অৰ্জন কৰে৷ ঠিক তেনেকৈ চলিত বিত্তীয় বৰ্ষত প্ৰতি কুইন্টল ধানত ২০৪০ টকালৈ বৃদ্ধি পোৱাৰ ফলত কৃষকসকলে প্ৰতি কুইন্টল ধানত ৮৪০ টকা লাভ পাব৷

No comments:

Post a Comment

SPONSORED