এনএইচএমৰ কাৰ্যালয় ঘেৰাও ৰাইজৰ দলৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 9, 2022

এনএইচএমৰ কাৰ্যালয় ঘেৰাও ৰাইজৰ দলৰ

  • মুখ্যমন্ত্ৰীৰ পৰিয়াল জড়িত ক’ভিড কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবী
  • মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কোম্পেনীত হোৱা বিনিয়োগৰ চিবিআই তদন্ত দাবী

মুখ্যমন্ত্ৰী ডপ্স হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল জড়িত ক’ভিড কেলেংকাৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কোম্পেনীত কলকাতাৰ পৰা হোৱা বিনিয়োগৰ ইডি তদন্তৰ দাবীত আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজৰ দলে৷ এনএইচএম[NHM], অসমৰ কাৰ্যালয় ঘেৰাও কৰি আজি দলটোৱে এনএইচএম[NHM]ক ক’ভিড প্ৰতিৰোধী সামগ্ৰী যোগানৰ নামত হোৱা কেলেংকাৰীৰ বাবে জবাবদিহি কৰে৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া, উপ সভাপতি বেদান্ত লস্কৰ, সাধাৰণ সম্পাদক ৰাছেল হুছেইন আৰু চিন্ময় বৰা, মুখপাত্ৰ জ্ঞানশ্ৰী বৰাৰ নেতৃত্বত তিনি শতাধিক প্ৰতিবাদকাৰীয়ে প্ৰতিবাদত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী উত্থাপন কৰে৷ প্ৰতিবাদকাৰীসকলে “মুখ্যমন্ত্ৰীৰ পৰিয়াল জড়িত ক’ভিড কেলেংকাৰীৰ চিবিআই তদন্ত লাগিবই”, “মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কোম্পেনীত হোৱা বিনিয়োগৰ ইডি তদন্ত দিয়ক”, “এনএইচএমে ক’ভিড কেলেংকাৰীৰ জবাব দিয়ক” আদি শ্লোগানেৰে এনএইচএমৰ চৌহদ উত্তাল কৰি তোলে৷ প্ৰতিবাদত অংশগ্ৰহণ কৰি দলৰ সভাপতি অখিল গগৈয়ে কয় – ক’ভিডকালিন পৰিস্থিতিত অসমৰ জনতা ভাৰতীয় জনতা আৰু পৃথিৱীৰ জনতা সকলো যি সময়ত সকলো মানুহ ঘৰত আবদ্ধ হ’বলগীয়া পৰিস্থিতি হৈছিল৷ সকলো মানুহৰ যি সময়ত দুৰ্যোগ চলি আছিল, সেই সময়ত অসমত ক’ভিডক লৈ যি কেলেংকাৰী হৈছে সেই কেলেংকাৰীৰ চিবিআই তদন্ত আমাক লাগে৷ এই দাবীৰ ভিত্তিত আজি ৰাইজৰ দলে আজি দ্বিতীয় বাৰৰ বাবে এনএইচএম[NHM]ত এই কাৰ্যসূচী হাতত লৈছো৷ আপোনালোক সকলোৱে জানে ইতিমধ্যে The Cross Current আৰু The Wire এ তথ্যপূৰ্ণভাৱে তেওঁলোকে প্ৰকাশ কৰিছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিয়াল, তেওঁ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নামত ঠিকা, পিপিপই কিটৰ ঠিকা প্ৰদান কৰা হৈছে৷ লগতে ইতিমধ্যে প্ৰকাশ হৈছে তেওঁৰ পৰিয়ালৰ সহযোগী ধনুকা এণ্ড কোম্পানী ঠিকা প্ৰদান কৰা হৈছিল আৰু এই ঠিকা প্ৰদান কৰা হৈছিল সি লাগিলে চেনিটাইজাৰেই হওঁক বা পিপিই কিটৰ কথাই হওঁক অত্যাধিক বজাৰ মূল্যত অৰ্থাৎ অতি বেছি মূল্য দিয়া হৈছিল৷ কিন্তু দেখা গ’ল অত্যাধিক মূল্যত ঠিকা দিয়াৰ পাছতো ঠিকাৰ যিখিনি সামগ্ৰী সেই সামগ্ৰীখিনি সময়মতে যোগান ধৰিব নোৱাৰিলে৷ গতিকে এহাতেৰে ক’ভিডকালিন সময়ত নিজৰ পৰিয়ালক, নিজৰ বন্ধুক এনেকৈ ঠিকা দি সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ নিয়ম ভংগ কৰিছে৷ এজন স্বাস্থ্যমন্ত্ৰীয়ে তেওঁৰ নিজৰ পৰিয়ালক কেতিয়াও নিজৰ বিভাগত ঠিকা প্ৰদান কৰিব নোৱাৰে৷ গতিকে তাৰ এটা চিবিআই তদন্ত লাগিবই৷ দ্বিতীয়তে ক’ভিডকালিন পৰিস্থিতিত অত্যাধিক মূল্যত ঠিকা লৈয়ো কিয় এই পৰিয়ালটোৱে সামগ্ৰী যোগান নধৰিলে কিয় মানুহক বিপদত পেলালে তাৰ ওপৰত আমাক চিবিআই তদন্ত লাগিব৷

প্ৰতিবাদত দিছপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আহি উপস্থিত হোৱাৰ পিছত ৰাইজৰ দলে এনএইচএমৰ কতৃৰ্পক্ষক প্ৰতিবাদকীসকলৰ সন্মুখলৈ ওলাই আহিবলৈ দাবী উত্থাপন কৰে৷ প্ৰথম অৱস্থাত এনএইচএমৰ কতৃৰ্পক্ষ ওলাই আহিবলৈ বিচৰা নাছিল যদিও দলটোৰ প্ৰতিবাদত সেও মানি এনএইচএমৰ বিশেষ কৰ্তব্যৰত বিষয়া পমী বৰুৱা ওলাই আহিবলৈ বাধ্য হয়৷ দলৰ সভাপতি অখিল গগৈয়ে এনএইচএম[NHM], মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠান জেচিবি ইণ্ডাষ্ট্ৰীজক পিপিই কিট যোগানৰ ঠিকাৰ আৱণ্টন দিছিল নে নাই বুলি প্ৰশ্ন উত্থাপন কৰে৷ বিশেষ কৰ্তব্যৰত বিষয়াগৰাকীয়ে এই প্ৰত্যক্ষ প্ৰশ্নবানত বিব্ৰত হয় আৰু কোনো উত্তৰ নিদিয়ে৷ বিষয়াগৰাকীৰ এই বিব্ৰত আচৰণে স্পষ্ট কৰি দিয়ে যে মুখ্যমন্ত্ৰীৰ পত্নী পিপিই কিট যোগানৰ ঠিকাৰ আৱণ্টন দিয়াটো সত্য৷ অখিল গগৈয়ে বিষয়াগৰাকীক একেটা দিনতে অন্য এটা প্ৰতিষ্ঠানত ৬০০ টকাত পিপিই কিট যোগানৰ ঠিকাৰ আৱণ্টন দি এই দিনটোতে মুখ্যমন্ত্ৰীৰপত্নীক কিয় ৯৯০ টকাত পিপিই কিট যোগানৰ ঠিকা দিয়া হ’ল, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়ীক অংশীদাৰ ঘনশ্যাম ধানুকাৰ প্ৰতিষ্ঠানক সময়মতে পিপিইকিট যোগান দিব নোৱাৰাৰ পিছতো ৬০০ টকাৰ পিপিই কিট কিয় ৰ,৬৮০ টকাত যোগান ধৰাৰ ঠিকা দিয়া হ’ল, ঘনশ্যাম ধানুকাক ১৮ টকাৰ চেনিটাইজাৰ কিয় ১০০ টকাত যোগান ধৰাৰ ঠিকা দিয়া হ’ল আদি প্ৰশ্ন উত্থাপন কৰে৷ এইকেইটা প্ৰশ্নৰো কোনো উত্তৰ নিদিলে বিশেষ কৰ্তব্যৰত বিষয়াগৰাকীয়ে৷ এইবোৰ বিষযে অতি স্পষ্ট কৰি দিয়ে যে ক’ভিড মহামাৰীৰ সময়ত অসমত ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছিল৷ যি কেলেংকাৰীত জড়িত আছিল মুখ্যমন্ত্ৰীৰ পৰিয়াল৷ ৰাইজৰ দলে মুখ্যমন্ত্ৰীৰ পৰিয়াল জড়িত ক’ভিড কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কোম্পেনীত কলকাতাৰ পৰা হোৱা ৬ কোটি ১১ লাখ টকাৰ বিনিয়োগৰ ইডি তদন্তৰ দাবীত উপস্থিত দণ্ডাধীশ আৰু এনএইচএমৰ বিশেষ কৰ্তব্যৰত বিষয়াগৰাকীৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰে৷ স্মাৰকপত্ৰৰ জৰিয়তে ৰাইজৰ দলে নিম্নক্ত বিষয়সমূহ প্ৰধানমন্ত্ৰীক দৃষ্টিগোচৰ কৰে –

১] অসম চৰকাৰে দেশজুৰি দিয়া লক লকডাউনৰ প্ৰেক্ষাপটত ২৪ মাৰ্চ, ২০২০ চনৰ মাজনিশাৰ পৰা ক’ভিড প্ৰতিৰোধী সামগ্ৰীৰ “জৰুৰীকালিন ক্ৰয়”ৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ কিন্তু এই সিদ্ধান্তৰ পূবেৰ্ই ১৮ মাৰ্চ, ২০২০ত NHM অসমে মুখ্যমন্ত্ৰী ডপ্স শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা মালিকানাধীন JCB Industry ক প্ত,০০০ পিপিই কিট যোগানৰ ঠিকা প্ৰদান কৰিছিল৷ একেদৰে মুখ্যমন্ত্ৰী পৰিয়ালৰ ব্যৱসায়ীক অংশীদাৰ ঘনশ্যাম দাস ধানুকাৰ প্ৰতিষ্ঠানক ১৮ মাৰ্চ, ২০২০ ত চেনিটাইজাৰ আৰু ২২ আৰু ২৩ মাৰ্চ, ২০২০ ত পিপিই কিট যোগানৰ ঠিকা প্ৰদান কৰিছিল৷ উল্লেখযোগ্য যে সেই সময়ত ডপ্স শৰ্মা ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত আছিল৷ এইদৰে “জৰুৰীকালিন ক্ৰয়”ৰ নিৰ্দেশৰ পূৰ্বেই পত্নী আৰু পৰিয়ালৰ ব্যৱসায়িক অংশীদাৰক পিপিই কিট আৰু চেনিটাইজাৰ যোগানৰ ঠিকা দি তদানীন্তন স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে দুৰ্নীতিত লিপ্ত হৈছিল৷

২] ভাৰত চৰকাৰৰ “Code of conduct for Ministers” অনুসৰি কোনো মন্ত্ৰীৰ পৰিয়ালৰ মানুহক সংশ্লিষ্ট চৰকাৰখনৰ কোনো বিভাগক সামগ্ৰী যোগান দিয়াৰ ব্যৱসায় কৰিব নোৱাৰে৷ ডপ্স হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই পিপিই কিট যোগানৰ ঠিকাৰ আৱণ্টন লৈ ভাৰত চৰকাৰৰ “Code of conduct for Ministers” উলংঘা কৰিছে৷

৩] মুখ্যমন্ত্ৰী ডপ্স শৰ্মাৰ পত্নীক ১৮ মাৰ্চ, ২০২০ ত প্ত,০০০ পিপিই কিট ৯৯০ টকা দৰত যোগানৰ নিৰ্দেশ দিয়া হৈছিল৷ কিন্তু RTI ৰ তথ্য অনুসৰি ১৮ মাৰ্চ, ২০২০ তে অন্য এটা প্ৰতিষ্ঠান “নৰ্থ ইষ্টাৰ্ণ চাৰ্জিকেল ইণ্ডাষ্ট্ৰী”ক ৬০০ টকা দৰত পিপিই কিট যোগানৰ নিৰ্দেশ দিয়া হৈছিল৷ দামৰ এই বৃহৎ ব্যৱধানে পিপিই কিট যোগানৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ ইংগিত বহন কৰিছে৷

৪] মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ প্ৰত্যক্ষ ব্যৱসায়ীক অংশীদাৰ ঘনশ্যাম দাস ধানুকাৰ প্ৰতিষ্ঠান GRড্ড Pharmacitical ক NHM অসমে ১৮ মাৰ্চ, ২০২০ ত ১০ হাজাৰ ৫০০ মিলিলিটাৰৰ আৰু প্ত হাজাৰ ১০০ মিলিলিটাৰৰ হেণ্ড চেনিটাইজাৰ যোগানৰ নিৰ্দেশ দিয়ে৷ এই নিৰ্দেশ “জৰুৰীকালিন ক্ৰয়”ৰ সিদ্ধান্তৰ পূৰ্বৰ৷ GRড্ড Pharmaciticals ক চ্ছ মাৰ্চ, ২০২০ ত পুনৰ ২০ হাজাৰ ৫০০ মিলিলিটাৰৰ হেণ্ড চেনিটাইজাৰ যোগানৰ নিৰ্দেশ দিয়া হয়৷ এই দুয়োটা যোগানৰ নিৰ্দেশতে ৫০০ মিলিলিটাৰৰ হেণ্ড চেনিটাইজাৰ ২৩১.৮৭ টকা দৰত যোগানৰ নিৰ্দেশ দিয়া হয়৷ আনহাতে ১০০ মিলিলিটাৰৰ হেণ্ড চেনিটাইজাৰ ১০০.৩০ টকা দৰত যোগানৰ নিৰ্দেশ দিয়া হয়৷ ইয়াৰ বিপৰীতে NHM অসমে ২৪ মাৰ্চ, ২০২০ ত Surama distillery ত্ন.দ্দ.থ্ব নামৰ এটা প্ৰতিষ্ঠানক ৰ লাখ ৩০ হাজাৰ ২০০ মিলিলিটাৰ হেণ্ড চেনিটাইজাৰ মাত্ৰ ৩৭ টকা দৰত যোগানৰ নিৰ্দেশ দিয়ে৷ দামৰ এই বৃহৎ তাৰতম্যই প্ৰমাণ কৰে যে চেনিটাইজাৰ যোগানৰ নামত ক’ভিড মহামাৰীৰ সময়ত ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছিল৷

৫] মুখ্যমন্ত্ৰী পৰিয়ালৰ ব্যৱসায়ীক অংশীদাৰ ঘনশ্যাম দাস ধানুকাৰ প্ৰতিষ্ঠান Meditime health care ক ২২ আৰু ২৩ মাৰ্চ, ২০২০ তাৰিখে ১০ হাজাৰকৈ মুঠ ২০ হাজাৰ পিপিই কিট যোগানৰ নিৰ্দেশ দিয়া হয়৷ এই নিৰ্দেশ “জৰুৰীকালিন ক্ৰয়”ৰ সিদ্ধান্তৰ পূৰ্বৰ৷ প্ৰতিটো পিপিই কিট ৯৯০ টকা দৰত যোগানৰ নিৰ্দেশ দিয়া হৈছিল৷৷৩ এপ্ৰিল, ২০২০ ত প্ৰতিষ্ঠানটোৱে NHM অসমক জনাই যে তেওঁলোকে ৰ,০৩৪ টা পিপিই কিট যোগান ধৰিব পাৰিব৷ বাকী ১৮,৮৬৬ টা পিপিই কিট তেওঁলোকে ১৬৮০ টকা দৰতহে যোগান ধৰিব পাৰিব৷ NHM অসমে প্ৰতিষ্ঠানটোৰ কথা মানি ৰ,৬৮০ টকা দৰতেই যোগানৰ নিৰ্দেশ দিয়ে৷ পূবেৰ্ নিৰ্ধাৰণ কৰাতকৈ অধিক দৰত পিপিই কিট যোগানৰ নিৰ্দেশ দিয়াটোৱে কেলেংকাৰীৰ স্পষ্ট ইংগিত বহন কৰিছে৷

৬] কেৱল Meditime Health Care য়েই মুখ্যমন্ত্ৰীৰ পত্নীৰ প্ৰতিষ্ঠানত ৰ,৪৮প্ত টাহে পিপিই কিট যোগান দিয়ে৷ পৰৱৰ্তী সময়ত প্ৰতিষ্ঠানটোৱে এইয়া চিএছআৰৰ অধীনত দান দিয়া বুলি NHM অসমক জনাই৷ কিন্তু অন্য প্ৰতিষ্ঠানে দিয়া যোগানৰ নিৰ্দেশৰ লগত ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠানৰ যোগানৰ নিৰ্দেশৰ পাৰ্থক্যই স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীৰ পত্নীৰ প্ৰতিষ্ঠানে CSত্ম ৰ অধীনত দান দিবলৈ যোগানৰ নিৰ্দেশ লোৱা নাছিল৷ NHM অসমে JCB iudustries ৰ যোগানৰ নিৰ্দেশ বাতিলৰ নিৰ্দেশত একেটা কথাই প্ৰমাণ কৰে৷

৭] মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ অন্য এখন ব্যৱসায়িক অংশীদাৰ ৰাজীৱ কুমাৰ বৰাৰ প্ৰতিষ্ঠান এজাইল এচ’চিয়েছটচেও ২,২০০ টকা দৰত পিপিই কিট যোগানৰ ঠিকা লাভ কৰিছিল৷

৮] মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই প্ৰতিষ্ঠা কৰা আৰু মুখ্যমন্ত্ৰী ডপ্স শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ একক সৰ্বাধিক ব্যক্তিগত শ্বেয়াৰ থকা RBত্ৰ Realators (এতিয়া Baisihstha Realators)ত, ডপ্স শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু পিতৃ কৈলাশ নাথ শৰ্মা সঞ্চালক হৈ থাকোতে পদ্মাৱতী ট্ৰেড্‌ছ (india) প্ৰাঃলিঃ আৰু ৰিণিকি ভূঞা শৰ্মা প্ৰতিষ্ঠাপক সঞ্চালক হিচাপে থকা ডিজিটেক এনতাৰতেইটমেণ্ট প্ৰাইভেট লিমিটেডক কলকাতাৰ কেইবাটাও কোম্পানীয়ে ৬ কোটি ১১ লাখ টকা বিনিয়োগ কৰিছিল৷ যাৰ শ্বেয়াৰ পৰৱৰ্তী সময়ত ডপ্স শৰ্মাৰ পৰিয়ালৰ আত্মীয়, পৰিয়ালৰ ঘনিষ্ঠ আৰু ব্যৱসায়ীক অংশীদাৰলৈ হস্তান্তৰিত হৈছিল৷

প্ৰতিবাদস্থলীত ৰাইজৰ দলে ঘোষণা কৰে যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কেলেংকাৰীৰ বিৰুদ্ধে ৰাইজৰ দলৰ প্ৰতিবাদৰ এইয়া আৰম্ভণিহে মাথোন৷ এই কেলেংকাৰীৰ চিবিআই আৰু ইডিৰ তদন্ত নোহোৱা পৰ্যন্ত ৰাইজৰ দলে অব্যাহত ৰাখিব ধাৰাবাহিক আন্দোলন৷

No comments:

Post a Comment

SPONSORED