বাদুলিপাৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা কথমপি প্ৰাণ ৰক্ষা চালক আৰোহীৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 10, 2022

বাদুলিপাৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা কথমপি প্ৰাণ ৰক্ষা চালক আৰোহীৰ

গোলাঘাট জিলাৰ  নুমলীগড়ৰ পৰা উজনি অসমলৈ নিৰ্মাণ হৈ থকা চাৰিলেনযুক্ত পথত ব্যাপক বিসংগতি৷  খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত বাদুলিপাৰত চাৰিলেনযুক্ত পথটোৰ নিৰ্মাণত বিসংগতি হোৱাৰ বাবেই এজাক বৰষুণ দিলেই বিভিন্ন গাড়ী দুৰ্ঘটনাত পতিত হয় ৷  আজি দিনৰ প্ৰায় ১২ বজাত বোকাখাট পৰা আহি থকা AS 05 K 2006 নম্বৰ চুইফ দিজয়াৰ গাড়ী এখন পথৰ দাঁতিত দ খালৈত সোমাই পৰে৷



NHIDCL ৰ নিৰিক্ষণত থকা চাৰিলেনযুক্ত পথটো নিৰ্মাণৰ দ্বায়িত্ব লাভ কৰিছিল HCC য়ে ৷ চাৰিলেনযুক্ত পথটো নিৰ্মাণত ব্যৱহাৰ কৰা বিটমিনত তেলেতীয়া পদাৰ্থ মিহলি হৈ থকাত বৰষুণ দিলেই বাদুলিপাৰ আৰু ৰঙামাটিৰ মাজৰ পথছোৱা পিচল হৈ পৰে ৷ যাৰ ফলত দুৰ্ঘটনা সংঘটিত হৈ থাকে বুলি জানিব পৰা গৈছে ৷ আজি সংঘটিত হোৱা এই দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে চালক আৰোহীৰ ৷ ঘটনাস্থলিত দেৰগাঁও যানবাহন আৰক্ষী উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি দেৰগাঁও  চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ যোৱা এটা সপ্তাহত একেটা স্থানতে এইটো চতুৰ্থটো পথ দুৰ্ঘটনা। তাৰ পিছতো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিসংগতিপূৰ্ণ নিৰ্মাণৰ কথা সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পোৱাৰ পিছতো পথচোৱাৰ বিসংগতি নিৰ্মূল কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই গোলাঘাট জিলা প্ৰশাসন কিম্বা পথ নিৰ্মাণ সংস্থা HCC য়ে!

ফলত উক্ত পথছোৱা মৰণ ফান্দত পৰিণত হৈছে৷ স্থানীয় ৰাইজ আৰু ভূক্তভোগীসকলে উক্ত পথছোৱাৰ দুৰ্ঘটনা নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰলৈ আহ্বান জনায়৷

দেৰগাঁৱৰ পৰা প্ৰণৱ বৰাৰ ৰিপ'ৰ্ট।

No comments:

Post a Comment

SPONSORED