চাংসাৰীত সংঘটিত হৈছে ভয়ংকৰ শিশু নিৰ্যাতনৰ ঘটনা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 10, 2022

চাংসাৰীত সংঘটিত হৈছে ভয়ংকৰ শিশু নিৰ্যাতনৰ ঘটনা

 চাংসাৰীত সংঘটিত হৈছে ভয়ংকৰ শিশু নিৰ্যাতনৰ ঘটনা

চাংসাৰীৰ শিলভঁৰালৰ এখন দোকানত চিপচ কিনিবলৈ যোৱা দুটি শিশুক নিৰ্মম প্ৰহাৰ।



এখন ফটা নোটক কেন্দ্ৰ কৰি শচীন বৰ্মন নামৰ লোকজনে শিশু দুটিক অকথ্য গালি গালাজ কৰাৰ লগতে তেওঁৰ পুত্ৰ অক্ষয় বৰ্মনৰে মিলি শিশু দুটিক নিৰ্মম ভাবে প্ৰহাৰ কৰে।

পিতা পুত্ৰৰ প্ৰহাৰৰ ফলত এগৰাকী শিশুৰ বাওঁভৰি খন ভাঙি যায়।

ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটিয়ে চাংসাৰী আৰক্ষীৰ কাষ চাপে যদিও প্ৰথমে আৰক্ষীয়ে এজাহাৰ লিখিবলৈ অমান্তি হৈ ধনৰ বিনিময়ত উক্ত ঘটনা ঘাপ দিব বিচাৰে বুলি ভূক্তভোগীয়ে অভিযোগ কৰে৷

পৰিয়ালৰ লোকে ধনৰ পৰিৱৰ্তে ন্যায় বিচৰাত আৰক্ষীয়ে এজাহাৰ গ্ৰহণ কৰি 210/2022 নম্বৰত গোচৰ ৰুজু কৰি  IPC: 341/294/323/34  ধাৰাত তদন্ত অব্যাহত ৰাখিছে৷




ইফালে আৰক্ষীয়ে অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছে।

ঘটনা সন্দৰ্ভত কামৰূপ চাইল্ড লাইনেও নিজাববীয়া তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷


বাইহাটা চাৰিআলিৰ পৰা দুলাল ডেকাৰ ৰিপোৰ্ট৷

No comments:

Post a Comment

SPONSORED