চাপৰৰ শালকোচাৰ শামৰাইপাৰাত ঐতিহাসিক বাঁহ পুজা উদযাপন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 8, 2022

চাপৰৰ শালকোচাৰ শামৰাইপাৰাত ঐতিহাসিক বাঁহ পুজা উদযাপন

হিন্দু শাস্ত্ৰমতে সমাজৰ অপায় অমংগল দূৰ কৰাৰ বাবে মা-কালীক পুজা-অৰ্চনা কৰা হয়। এই দৃশ্য ধুবুৰী জিলাৰ চাপৰ চক্ৰৰ অন্তৰ্গত শালকোচাৰ শামৰাইপাৰা পূজা থলীৰ। এই পুজাথলীত বহু বছৰ ধৰি শামৰাইপাৰাৰ নাথ-যোগী সমাজৰ ডেকা-বুঢ়া সকলোৱে মিলি ধৰ্মীয় ৰিতি নিতিৰে বাঁহ পুজা-অৰ্চনা কৰি আহিছে।

   

বাঁহ পুজা হল শক্তি পুজাৰ এটা অংশ। মা কালীৰ পুজা-অৰ্চনা কৰা হয়। যিহেতু আগৰ দিনত চিকিৎসক আৰু চিকিৎসালয়ৰ সংখ্যা কম আছিল সেহে মহামাৰীৰ পৰা হাত সাৰিবলৈ আৰু অপ-শক্তি নিবাৰণৰ বাবে এই বাঁহ পূজাটো কৰা হৈছিল বুলি জানিব দিয়ে উদ্যোগক্তা সকলে।

লগতে জানিব পৰা যায় যে সকলো দেৱ-দেৱীক বাঁহ ৰূপে পুজা-অৰ্চনা কৰা হয় আৰু প্ৰত্যকটো বাঁহৰ ওপৰত চোঁহৰ দিয়া হয়।এই প্ৰথাটো প্ৰায় ৩০০ বছৰৰ পৰা চলি আহিছে বুলি জানিবলৈ দিয়ে।

চাপৰৰ পৰা দিলৰুবা আখতাৰাৰ ৰিপ'ৰ্ট।

No comments:

Post a Comment

SPONSORED