ডিগবৈ মহাবিদ্যালয়ত মূখ্যমন্ত্ৰীৰ ভাতৃ দিগন্ত বিশ্ব শৰ্মা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 23, 2022

ডিগবৈ মহাবিদ্যালয়ত মূখ্যমন্ত্ৰীৰ ভাতৃ দিগন্ত বিশ্ব শৰ্মা

বক্তব্যই মোহিত কৰিলে সহস্ৰাধিক ছাত্র ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীক 





আধুনিক অসম তিনিচুকীয়া ষ্টাফ ৰিপ ৰ্টাৰ ::আজি অষ্টম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ডিগবৈ মহাবিদ্যালয়টো উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। ডিগবৈ মহাবিদ্যালয়ৰ যোগ- ধ্যান কেন্দ্ৰ আৰু NSS গোটৰ সহযোগত অনুষ্ঠিত হোৱা আন্তৰাষ্ট্ৰীয় যোগ দিৱসত মুখ্য  অতিথি  হিচাপে উপষ্টিত থাকে ৰাজ্যখনৰ জনপ্ৰিয় সাহিত্যিক তথা ভাৰতীয় আধ্যাত্মিক ইতিহাসৰ পুৰুধা ব্যক্তি দিগন্ত বিশ্ব শৰ্মা। যোগৰ প্ৰয়োজনীয়তা আৰু উপকাৰীতাৰ বিষয়ে বিস্তৃতভাৱে এক গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে শৰ্মাই ।  যি  বক্তব্যই মোহিত কৰিলে সহস্ৰাধিক ছাত্র ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীক । জীৱনত শৰীৰ আৰু মনৰ সুস্থতাৰ বাবে নিয়মিতভাৱে অতিশয় প্ৰয়োজন যোগাভ্যাস । যোগাভ্যাসৰ জৰিয়তে এজন ব্যক্তিয়ে নিজকে সুস্থ কৰি ৰাখিব পাৰে। অতীতৰে পৰা বিশ্বত যোগা চলি আহিছে আৰু চলি থাকিব। কাৰণ যোগাভ্যাস অবিহনে মানৱজাতিয়ে কেতিয়াও এখন সুস্থ সমাজ গঢ়ি তুলিব নোৱাৰে। উক্ত অনুষ্ঠানটোত ডিগবৈ মহাবিদ্যালয় যোগ-ধ্যান কেন্দ্ৰৰ দ্বাৰা প্ৰশিক্ষণ গ্ৰহণ কৰা শিক্ষাৰ্থী সকলৰ দ্বাৰা যোগাষণ  প্ৰৰ্দশন  কৰে। অনুষ্ঠানটোত  উপস্থিত থাকে  ডিগবৈ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ    সভাপতি হিতেন্দ্ৰ নাথ শৰ্মা, অধক্ষ্য দ্বীপ শইকীয়া, উপাধক্ষ্য  অৰুণ চন্দ্ৰ দত্ত, যোগাগুৰু সুখময়  দেৱনাথকে আদি কৰি সহস্ৰাধিক ছাত্র ছাত্ৰী শিক্ষক  শিক্ষয়িত্ৰী উপস্থিত থাকে  । 



No comments:

Post a Comment

SPONSORED