তামুলপুৰৰ কুমাৰীকাটাত আৰক্ষীৰ গুণ্ডাৰাজ : আছু নেতাক নিৰ্যাতন চলোৱাৰ পিছত গৰজি উঠিল সংগঠনটো - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 25, 2022

তামুলপুৰৰ কুমাৰীকাটাত আৰক্ষীৰ গুণ্ডাৰাজ : আছু নেতাক নিৰ্যাতন চলোৱাৰ পিছত গৰজি উঠিল সংগঠনটো

নিচাসক্ত আৰক্ষীয়ে আছু নেতাৰ ওপৰত নিৰ্যাতন চলোৱাৰ 
গুৰুতৰ অভিযোগ

২৪ ঘন্টাৰ চৰম সীমা





তামুলপুৰৰ কুমাৰীকাটাত আৰক্ষীয়ে আছু নেতা ডুলুজিত দাসক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে শুক্ৰবাৰে নিশা আছু কৰ্মী ডুলুজিত দাসে তামুলপুৰ সদৰৰ পৰা নিজ গৃহ অভিমুখে গৈ থকা অৱস্থাত বিশেষ কাৰণৱশত কুমাৰীকাটাত তেওঁৰ নিজৰ বাহন খন কিছু সময় ৰখাই থোৱা অৱস্থাত হঠাৎ উক্ত স্থানত কুমাৰীকাটা আৰক্ষী চকীৰ SI প্ৰাঞ্জল বৰুৱা আৰু ASI শৈলেন কলিতাই আছু কৰ্মী গৰাকীক নিৰ্যাতন চলায়৷ আৰক্ষী বিষয়ে দুগৰাকীয়ে আছু নেতা জনক অশ্লীল শব্দৰে গালি গালাজ কৰাৰ লগতে আছু চান্দা তোলা সংগঠন বুলি গালি গালাজ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ইফালে আৰক্ষীয়ে আছু নেতা ডুলুজিত দাসক জোৰ জবৰদস্তি কুমাৰীকাটা উপ স্বাস্থ্য কেন্দ্ৰত লৈ গৈ সুৰাপান কৰা বুলি মিছা অপবাদ দিবলৈ চেষ্টা কৰে যদিও তেওঁ সুৰা পান কৰা নাই বুলি চিকিৎসকে স্পষ্ট কৰি

এই ঘটনাক কেন্দ্ৰ কৰি শনিবাৰে তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আছুৰ বিভিন্ন বিষয় ববীয়া উপস্থিত হৈ আৰক্ষীৰ এনে কৰ্ম-কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অভিযুক্ত আৰক্ষী বিষয়া দুগৰাকীৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। আছুৱে উক্ত ঘটনাৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দিবলৈ দাবী উত্থাপন কৰি ২৪ ঘন্টাৰ চৰম সীমা বান্ধি দিছে৷



তামুলপুৰৰ পৰা নিতুল দাসৰ ৰিপোৰ্ট সংবাদ প্ৰহৰী

No comments:

Post a Comment

SPONSORED