এথলেটিকছৰ কাৰিকৰী প্ৰশিক্ষণ কৰ্মশালাৰ সফল সামৰণি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 26, 2022

এথলেটিকছৰ কাৰিকৰী প্ৰশিক্ষণ কৰ্মশালাৰ সফল সামৰণি



গুৱাহাটীঃ
অসম এথলেটিকচ সন্থাৰ উদ্যোগত সৰুসজাই ক্ৰীড়া প্ৰকল্পত দুদিনীয়াকৈ অনুষ্ঠিত এথলেটিকছৰ কাৰিকৰী বিষয়াসকলৰ বিশেষ প্ৰশিক্ষণ কৰ্মশালাৰ আজি দেওবাৰে সফল সামৰণি পৰে। অসম এথলেটিকচ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে উদ্বোধন কৰা এই কৰ্মশালাত অসমৰ বিভিন্ন জিলাৰ প্ৰায় ডেৰ শতাধিক এথলেটিকছৰ কাৰিকৰী বিষয়াই অংশগ্ৰহন কৰে। কৰ্মশালাখনিত মুখ্য সমল ব্যক্তি ৰূপে উপস্থিত থাকি এথলেটিকচ ফেডাৰেচন অব ইণ্ডিয়াৰ কাৰিকৰী সমিতিৰ অধ্যক্ষ বি ষ্টেনলি জ’নচ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় এথলেটিকচ কাৰিকৰী বিষয়া কলকাতাৰ সঞ্জয় ঘোসে অহা নৱেম্বৰত অনুষ্ঠিত হবলগীয়া ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকচ প্ৰতিযোগিতাত অসমৰ কাৰিকৰী বিষয়া সকলে যাতে সুন্দৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰে সেই উদ্দেশ্যৰে অনুষ্ঠিত এই কৰ্মশালাত দুয়োগৰাকী সমল ব্যক্তিৰ পৰা যথেষ্ট উপকৃত হোৱা বুলি উপস্থিত কাৰিকৰী বিষয়া সকলে মন্তব্য প্ৰকাশ কৰে।


No comments:

Post a Comment

SPONSORED