ৰাজ্যৰ সকলোবোৰ জিলাতে বিশেষ শিশু আৰক্ষী গোটসমূহ অধিক শক্তিশালী কৰাৰ বাবে পদক্ষেপ হাতত লৈছে অসম আৰক্ষীয়ে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 1, 2022

ৰাজ্যৰ সকলোবোৰ জিলাতে বিশেষ শিশু আৰক্ষী গোটসমূহ অধিক শক্তিশালী কৰাৰ বাবে পদক্ষেপ হাতত লৈছে অসম আৰক্ষীয়ে

গুৱাহাটী : অসম আৰক্ষীয়ে ৰাজ্যৰ সকলোবোৰ জিলাতে বিশেষ শিশু আৰক্ষী গোটসমূহ অধিক শক্তিশালী কৰাৰ বাবে পদক্ষেপ হাতত লৈছে আৰু ইয়াৰ অংশ হিচাপে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰিছে৷ এই অনুসৰি আজি গোৱালপাৰা জিলাত ইয়াৰ প্ৰথমটো কাৰ্য্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই৷


গোৱালপাৰা নগৰৰ নটসূৰ্য্য ফণী শৰ্মা প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত এই কাৰ্য্যসূচী শুভাৰম্ভ কৰি আৰক্ষী সঞ্চালকপ্ৰধান মহন্তই শিশুৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে অসম আৰক্ষী সদায় দায়বদ্ধ বুলি মত প্ৰকাশ কৰে৷ তেওঁ কয় যে শিশুসকলক ন্যায় প্ৰদান কৰা আৰু তেওঁলোকৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে অসম আৰক্ষীয়ে আন্তৰিকতাৰে প্ৰচেষ্টা চলাই আহিছে আৰু এই ব্যৱস্থা অধিক প্ৰণালীবদ্ধ তথা ক্ষিপ্ৰ কৰাৰ বাবে আৰক্ষীয়ে এনেধৰণৰ বিশেষ কাৰ্য্যসূচী গ্ৰহণ কৰিছে৷ জুভেনাইল জাষ্টিছ আইনত জিলাভিত্তিক বিশেষ শিশু আৰক্ষী গোট গঠন কৰাৰ বিষয়ে উল্লেখ কৰা বুলি মন্তব্য কৰি সঞ্চালকপ্ৰধানগৰাকীয়ে এই গোটসমূহক অধিক শক্তিশালী কৰাৰ বাবে লোৱা এনে পদক্ষেপে শিশুসকলক ক্ষিপ্ৰতাৰে ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত বিশেষ সফলতা অৰ্জন কৰিবলৈ আৰক্ষী সক্ষম হ’ব বুলি প্ৰকাশ কৰে৷

উল্লেখযোগ্য যে অসম আৰক্ষীৰ ‘‘শিশু মিত্ৰ’প্ৰকল্পৰ অধীনত বিশেষ শিশু আৰক্ষী গোটসমূহ শক্তিশালীকৰণৰ বাবে লোৱা এই কাৰ্য্যসূচীয়ে প্ৰাৰম্ভিক পৰ্য্যায়ত গুৱাহাটী আৰক্ষী আয়ুক্তালয়, গোৱালপাৰা জিলা আৰু শিৱসাগৰ জিলাক সামৰি ল’ব আৰু পৰৱৰ্তী পৰ্য্যায়ত অন্যান্য জিলাসমূহলৈ এই কাৰ্য্যসূচী সম্প্ৰসাৰণ কৰা হ’ব৷ অসম আৰক্ষীয়ে এই কাৰ্য্যসূচী শিশু অধিকাৰ সংস্থা ‘উৎসাহ’ আৰু ‘ইউনিচেফ’ৰ সহযোগত গ্ৰহণ কৰিছে৷


গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডীয়ে তেওঁৰ ভাষণত গোৱালপাৰা জিলাত এই কাৰ্য্যসূচীৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে আৰু গোৱালপাৰা আৰক্ষীয়ে শিশুসকলক তেওঁলোকৰ ন্যায্য অধিকাৰ ক্ষিপ্ৰতাৰে প্ৰদান কৰাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে৷ কেবাখনো জিলাৰ আৰক্ষী অধীক্ষকসকলৰ লগতে গোৱালপাৰা জিলা প্ৰশাসনৰ বিষয়া আৰু আন বহু অনুষ্ঠানৰ সদস্যসকলো উপস্থিত থকা এই অনুষ্ঠানত শিশু অধিকাৰৰ ক্ষেত্ৰত সজাগতা অনাৰ প্ৰয়াসেৰে গুৱাহাটীৰ ৰয়েল গ্লৱেল ইউনিভাৰ্ছিটিৰ শিক্ষাৰ্থীসকলে এখন চুটি নাট মঞ্চস্থ কৰে৷

No comments:

Post a Comment

SPONSORED