লোকশিল্পী মঘাই ওজাৰ পালি তুলসী ওজাৰ দেহাৱসান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, July 02, 2022

লোকশিল্পী মঘাই ওজাৰ পালি তুলসী ওজাৰ দেহাৱসান

হেৰাই গ'ল এটা ঢোলৰ চাপৰ



অসমীয়া লোক সংস্কৃতিৰ সাধক তথা লোকশিল্পী মঘাই ওজাৰ পালি তুলসী ওজা আৰু নাই । 



ঢোলৰ যাদুৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে মোহাচ্ছন্ন কৰি ৰখা অসমীয়া লোক সংস্কৃতিক বিশ্বজনীন কৰা প্ৰয়াসৰ বাবে এইজনা লোক শিল্পীক ২০০৮ চনত প্ৰতিমা পাণ্ডে বৰুৱা বঁটাৰে সন্মানিত কৰিছিল । ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ভালুকমৰা গাঁৱৰ এইজনা শিল্পীয়ে কেৰেলা, হায়দৰাবাদ,কলকতা আদি ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ঢোল বাদ্যৰে অসমীয়া সংস্কৃতিক চিনাকি কৰি দিবলৈ সক্ষম হৈছিল । তেনে এজন লোক সংস্কৃতিৰ সাধক তুলসী ওজাৰ মৃত্যু এক অপূৰণীয় ক্ষতি অসমৰ বাবে ।


No comments:

Post a Comment

SPONSORED